মাজুলী, 20 অক্টোবৰ : মাজুলীৰ বাবে শৰৎ বুলিলেই যেন ৰাস আৰু পাল নাম । তাতে আজি লক্ষ্মী পূজা তথা কাতি মাহৰ পূৰ্ণিমা তিথি । মাজুলীৰ সমূহ সত্ৰৰ লগতে অৰ্ধশতাধিক মঞ্চত বুধবাৰে লক্ষ্মী পূজাৰ এই পৱিত্ৰ ক্ষণতে পৰম্পৰাগতভাৱে মুকলি কৰা হ’ব ৰাস মহোৎসৱৰ নাট ৷ পৰৱৰ্তী ৰাস-পূৰ্ণিমা তিথিত অনুষ্ঠিত হ'ব লগা শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা তথা 'নাট মেলা পৰ্ব' মাংগলিক বিধি অনুসৰি অনুষ্ঠিত কৰা হয় এই লক্ষ্মী পূৰ্ণিমাত ।
শাৰদীয় মুখ্য উৎসৱ হিচাপে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপন কৰে মাজুলীত । আজিৰ পৰা অনাগত এমাহৰ বাবে সমগ্ৰ মাজুলী পৰ্যবসিত হ'ব লুইতৰ পাৰৰ বৃন্দাবনলৈ । গীতে-মাতে, খোলে-তালে চলি থাকিব কৃষ্ণৰ লীলা মহাৰাসৰ আখৰা । শিশুৰ পৰা যুৱক-যুৱতীলৈ সকলো ব্যস্ত হৈ পৰিব আখৰা কৰা ৷
শৰতৰ চন্দ্ৰাৱলী ৰাতি হৈ পৰিব অতি বিতোপন । বাঁহীৰ মাত শুনি ঘৰৰ কাম-বন একাষৰীয়া কৰি সকলো ঢপলিয়াই আহিব ৰাসৰ আখৰালৈ । দুপৰ নিশালৈকে চলিব আখৰা । মাজুলীৰ গড়মূৰ সত্ৰৰ বংশীগোপাল প্ৰেক্ষাগৃহতো নাট মেলা পৰ্ব আৰম্ভ হৈছে । আজিৰ পৰা এশবছৰ পূৰ্বে স্বাধীনতা সংগ্ৰামী সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে মুকলি মঞ্চ নিৰ্মাণ কৰি মহিলাই অভিনয় কৰিব পৰা ব্যৱস্থা কৰিছিল ৷ সেই আৰ্দশ আগত ৰাখি অৰ্ধশতাধিক মঞ্চ ৰাস উদযাপান কৰে মাজুলীত ।