অসম

assam

মাজুলীত এইবাৰ শিশু কৃষ্ণ বিহীন ৰাস মহোৎসৱ !

By

Published : Nov 10, 2021, 8:53 PM IST

কেনেকৈ সম্ভৱ শিশু বিহীন মাজুলীৰ ৰাস মহোৎসৱ ? চৰকাৰৰ নতুন ক’ভিড SOP হেঙাৰ হৈছে মাজুলীৰ ৰাস মহোৎসৱ আয়োজনৰ ক্ষেত্ৰত ৷ জানো আঁহক চৰকাৰৰ নতুন SOP কলৈ মাজুলীবাসী প্ৰতিক্ৰিয়া ৷

majuli people reaction on assam govts new sop
কেনেকৈ সম্ভৱ শিশু বিহীন মাজুলীৰ ৰাস মহোৎসৱ ?

মাজুলী, 10 নৱেম্বৰ :মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱলৈ মাজত মাথো কেইটামান দিন ৷ সত্ৰ সমূহৰ লগতে ৰংগ মঞ্চ সমূহৰো ৰাসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ মাজুলীত দুপৰ নিশালৈকে চলিছে ৰাসৰ আখৰা

কিন্তু হঠাৎ মাজুলীৰ গৌৰৱলৈ আহিছে কিছু বাধ্য-বাধকতা ৷ ৰাসক লৈ এই বাধ্য-বধকতা জাৰি কৰিছে অসম চৰকাৰ তথা মাজুলী প্ৰশাসনে ৷ কিয়নো এফালে ক'ভিড সংক্ৰমণৰ ভয়াবহতা আৰু আনফালে মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱৰ আয়োজন ।

মঙলবাৰে চৰকাৰে জাৰি কৰিছে এখন নতুন SOP ৷ সেই SOP অনুসৰি, ১০ বছৰ তলৰ শিশু আৰু ৬৫ বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে ৰাসত অভিনয় কৰিব নোৱাৰিব । এই বাতৰিয়ে বাৰুকৈ প্ৰভাৱিত কৰিছে ৰাস কমিটি তথা আয়োজক সকলক ৷ কিয়নো শিশু কৃষ্ণ অবিহনে মহা ৰাস অসম্ভৱ ৷

মাজুলীত এইবাৰ শিশু কৃষ্ণ বিহীন ৰাস মহোৎসৱ !

ইফালে ১১ বছৰৰ পৰা ১৮ বছৰৰ ভিতৰৰ শিল্পী কলা-কুশলীসকলে ৰাসত অভিনয় কৰিবলৈ হ’লে অভিভাৱকৰ পৰা আগতীয়াকৈ লিখিত অনুমতি ল'ব লাগিব আয়োজক সমিতিয়ে । মঙলবাৰে জাৰি কৰা নতুন SOP ৰ নিৰ্দেশনাই এতিয়া বাৰুকৈয়ে বিমোৰত পেলাইছে আয়োজক কমিটিক ৷ কিয়নো সকলোৰে জ্ঞাত যে, ১০ বছৰৰ তলৰ শিশু নহ’লে ৰাস আধৰুৱা ।

ৰাসৰ মূল আকৰ্ষণেই হৈছে শিশু কৃষ্ণৰ লীলা ৷ যদি এই শিশু লীলাই পাতিব নোৱাৰে তেতিয়া কেনেকৈ হ’ব এই ৰাস মহোৎসৱ ? শ শ বছৰীয়া ঐতিহ্য পৰম্পৰাৰ বাহক মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ অনুষ্ঠিত কৰিবৰ বাবে ক'ভিডৰ নীতি-নিয়ম শিথিল কৰিবৰ বাবে চৰকাৰ তথা জিলা প্ৰশাসনক অনুৰোধ জনাইছে ৰাস কমিটিসমূহে । আনহাতে, ৰাস পালনৰ নতুন SOP সন্দৰ্ভত ৰাস কমিটিসমূহৰ সৈতেও আলোচনাত বহাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে মাজুলী জিলাৰ উপায়ুক্ত গৰাকীয়ে ৷

ৰাস মাজুলীৰ গৌৰৱ ৷ ৰাস মাজুলীৰ পৰিচয় ৷ এই ৰাস পালনৰ ক্ষেত্ৰত ৰাস কমিটি সমূহৰ লগতে চৰকাৰ তথা জিলা প্ৰশাসনেও কিছু বিচাৰ-বিবেচনা কৰা উচিত ৷ সকলোৰে আশা, ৰাসক লৈ যাতে বান্ধি দিয়া নীতি নিয়মত অকণমান শিথিলতা আনে চৰকাৰে ৷ যাতে মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱভাগি সুন্দৰ ভাৱে পালন কৰিব পাৰে মাজুলীবাসীয়ে ।

লগতে পঢ়ক :সত্ৰ নগৰী মাজুলীত ৰাস মহোৎসৱৰ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details