মাজুলী , 30 নৱেম্বৰ :সমগ্ৰ মাজুলীৰ লগতে দক্ষিন পাট সত্রৰ ঐতিহাসিক ১৮০ বছৰীয়া পৰম্পৰাৰে ঐতিহাসিক ৰাস পূজা আজিৰে পৰা আৰম্ভ হল ৷ শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা ৰাসলীলা মাজুলীবাসীৰ বাবে মুখ্য উৎসৱ । মূলতঃ আধ্যাত্মিক তত্ত্বসমৃদ্ধ ৰাসলীলা অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় যদিও মাজুলীৰ ৰাসলীলাত হোৱা আড়ম্বৰপূৰ্ণ অনুষ্ঠানে সুকীয়া বৈশিষ্ট্য বহন কৰে । ভক্তিৰসৰ মধুৰ সমন্বয়েই ৰাসলীলা । শৰতকালৰ জ্যোৎস্না প্লাৱিত ৰাতিত, গোপীসকলক প্ৰেমৰসত আপ্লুত কৰি শ্ৰীকৃষ্ণই যি লীলাৰে বৃন্দাবন উৎফুল্লিত কৰি তুলিছিল সেই প্ৰেমলীলাই ৰাস মহোৎসৱৰ প্ৰতিপাদ্য বিষয়।
সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নদীদ্বীপ মাজুলী ৰাসলীলা প্ৰদৰ্শনৰ স্বৰ্ণক্ষেত্ৰ বুলিলেও বঢ়াই কোৱা নহ'ব। বৰ্ষাকালৰ বানত জুৰুলা হোৱা মাজুলীবাসীয়ে বৰ্ষান্তত নৱ উদ্যম আৰু হেঁপাহেৰে ৰাস মহোৎসৱৰ বাবে প্ৰস্তুত হয়। লক্ষ্মী পূৰ্ণিমাৰ দিনাৰ পৰাই নাটকৰ আখৰা আৰম্ভ কৰি এমহীয়া পৰিক্ৰমাৰ অন্তত তিনিদিনীয়াকৈ ৰাস অনুষ্ঠিত কৰা হয়। ঐতিহ্যমণ্ডিত দক্ষিণপাট সত্ৰত ৰাসলীলাৰ নাট্য-কাহিনীৰ মাজুলী, 30 নৱেম্বৰ, দেওবাৰে সমগ্ৰ মাজুলীৰ লগতে দক্ষিণ পাট সত্ৰৰ ঐতিহাসিক ১৮০ বছৰীয়া পৰম্পৰাৰে ৰাস পূজা আৰম্ভ হয় ৷ শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা ৰাসলীলা মাজুলীবাসীৰ বাবে মুখ্য উৎসৱ।
ঐতিহাসিক ১৮০ বছৰীয়া পৰম্পৰাৰে আৰম্ভ হ’ল দক্ষিণ পাট সত্রৰ ৰাস মহোৎসৱ লগতে পঢ়ক:আজিৰে পৰা ৰাস মহোৎসৱ:বাঁহী খোলৰ ধ্বনিৰে মুখৰিত হৈছে চৌপাশ
মূলতঃ আধ্যাত্মিক তত্ত্বসমৃদ্ধ ৰাসলীলা অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় যদিও মাজুলীৰ ৰাসলীলাত হোৱা আড়ম্বৰপূৰ্ণ অনুষ্ঠানে সুকীয়া বৈশিষ্ট্য বহন কৰে ৷ ভক্তিৰসৰ মধুৰ সমন্বয়েই হৈছে ৰাসলীলা । শৰতকালৰ জ্যোৎস্না প্লাৱিত ৰাতিত, গোপীসকলক প্ৰেমৰসত আপ্লুত কৰি শ্ৰীকৃষ্ণই যি লীলাৰে বৃন্দাবন উৎফুল্লিত কৰি তুলিছিল সেই প্ৰেমলীলাই ৰাস মহোৎসৱৰ প্ৰতিপাদ্য বিষয় । সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নদীদ্বীপ মাজুলী ৰাসলীলা প্ৰদৰ্শনৰ স্বৰ্ণক্ষেত্ৰ বুলি কলেও হয়তো ভুল নহ’ব ৷
বৰ্ষাকালৰ বানত জুৰুলা হোৱা মাজুলীবাসীয়ে বৰ্ষান্তত নৱ উদ্যম আৰু হেঁপাহেৰে ৰাস মহোৎসৱৰ বাবে প্ৰস্তুত হয় । লক্ষ্মী পূৰ্ণিমাৰ দিনাৰ পৰাই নাটকৰ আখৰা আৰম্ভ কৰি এমহীয়া পৰিক্ৰমাৰ অন্তত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হয় ৰাস মহোৎসৱ । ঐতিহ্যমণ্ডিত দক্ষিণপাট সত্ৰত ৰাসলীলাৰ নাট্য-কাহিনীৰ লগত সমান্তৰালভাৱে বৃন্দাবন চন্দ্ৰ মহাপ্ৰভুৰ পূজা কৰা হয় ৷ উল্লেখ্য যে, মাজুলীৰ বিভিন্ন স্থানত প্ৰদৰ্শিত প্ৰায় পঞ্চাশটি মঞ্চত আয়োজন কৰা ৰাসলীলাৰ আকৰ্ষণীয়তাই দৰ্শকক বিস্ময় মুগ্ধ কৰি আহিছে । এইসমূহ দৰ্শনৰ বাবে দেশী-বিদেশী পৰ্যটকৰ আগমনে সেই সময়ত মাজুলীত মৰততে সৰগীয় পৰিৱেশ কৰি তোলে ৷ বতমান সময়ত মহামাৰী কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবেই কিছু পৰিমানে ম্লান পৰিছে মাজুলীৰ ৰাসৰ উলাহ ৷
লগতে পঢ়ক:৯৩ সংখ্যক হাউলী ৰাস মহোৎসৱৰ শুভাৰম্ভ কৰে ৰঞ্জিত দাসে