মাজুলী, 24 এপ্ৰিল : মাজুলীৰ বনগাঁও আৰক্ষী চকীৰ অন্তৰ্গত অফলামুখ ঘাটৰ সমীপৱৰ্তী এটা শিৱ মন্দিৰত প্ৰায় ৭৫ বছৰীয়া এগৰাকী অচিনাকি বৃদ্ধাই পাৰ কৰিছে দুৰ্বিষহ জীৱন । মন্দিৰটোৰ প্ৰাংগণত মুকলি আকাশৰ তলত মাটিত পেলাই থোৱা ওখোৰা-মোখোৰা টিনপাতৰ ওপৰতে শুইছে অসহায় বৃদ্ধাগৰাকীয়ে । ওচৰ-চুবুৰীয়াই যোগান ধৰা খাদ্যৰ ওপৰতে ভৰসা কৰি বৃদ্ধাগৰাকীয়ে দিন-ৰাতি পাৰ কৰিছে ।
জানিব পৰা মতে,প্ৰায় তিনিমাহ পূৰ্বে কমলাবাৰী ঘাটত উদ্ধাৰ হোৱা বৃদ্ধাগৰাকীক মাজুলী আৰু বনগাঁও আৰক্ষীয়ে অফলামুখৰ মনুৱা দাসৰ পৰিয়ালৰ হাতত গতাই দিছিল । বৃদ্ধাগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত অফলামুখৰ পৰিয়ালটোক চহী কৰাই আৰক্ষীয়ে চমজাই দিছিল যদিও বৃদ্ধাগৰাকী তেওঁলোকৰ কোনো আত্মীয় বা চিনাকী নহয় বুলিহে মনুৱা দাসে উল্লেখ কৰে ।