অসম

assam

ETV Bharat / state

বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ হ'ল মাজুলী-নিমাতী ফেৰী সেৱা - majuli flood situation

মাজুলীৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ কৰা হৈছে মাজুলী-নিমাতী ফেৰী সেৱা । কিন্তু মাজুলী জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা মানিহে ফেৰী সেৱা অব্যাহত ৰাখিবলৈ অনুমতি দিয়া হৈছে । কি কি নিৰ্দেশ দিছে জিলা প্ৰশাসনে ?

Majuli Nimati Ferry service restart from today
পুনৰ আৰম্ভ হ'ল মাজুলী নিমাতী ফেৰী সেৱা

By

Published : Sep 2, 2021, 2:23 PM IST

মাজুলী, ২ ছেপ্তেম্বৰ: ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে কেইবাদিনো ধৰি মাজুলী-নিমাতী ফেৰী সেৱা বন্ধ হৈ থকাৰ পাছত অৱশেষত বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ কৰা হ'ল ফেৰী সেৱা । মাজুলী জিলা প্ৰশাসনে নিৰ্দেশমৰ্মে আৰম্ভ কৰা হৈছে ফেৰী সেৱা ।

বিগত দুটা দিনত ব্ৰহ্মপুত্ৰৰ জলস্তৰ কিছু পৰিমাণে হ্ৰাস পাইছে ৷ সেয়ে মাজুলী-নিমাতী ফেৰী সেৱা পুনৰ স্বাভাৱিকভাৱে আৰম্ভ কৰা হৈছে । পানী বাঢ়ি থকাৰ সময়ত নদীৰে যাতায়াত কৰিলে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত যোৱা ২৭ আগষ্টৰ পৰা মাজুলী জিলা প্ৰশাসনে এই সেৱা বন্ধ ৰখাৰ নিৰ্দেশ দিছিল ।

পুনৰ আৰম্ভ হ'ল মাজুলী নিমাতী ফেৰী সেৱা

এতিয়া বৃহস্পতিবাৰৰ পৰা জিলা প্ৰশাসনে ফেৰীৰ চলাচলত অনুমতি প্ৰদান কৰিছে যদিও ফেৰীঘাটৰ ৰেম্পসমূহ সূচল নোহোৱাৰ বাবে ফেৰীবোৰত চাৰিচকীয়া বাহন নিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । মাজুলী জিলা প্ৰশাসনে মাত্ৰ সাধাৰণ যাত্ৰী আৰু দুচকীয়া বাহন নিয়াতহে অনুমতি দিছে ।

উল্লেখ্য যে, কেইবাদিনো ধৰি ফেৰী সেৱা বন্ধ হৈ থকাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল মাজুলীৰ ৰাইজে । ব্যৱসায়-বাণিজ্যৰ লগতে চিকিৎসাৰ বাবে আন ঠাইলৈ যাতায়াতৰ একমাত্ৰ ভৰসা ফেৰী ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ বাবে ফেৰী সেৱা ব্যাহত হৈ পৰিছিল ।

বৃহস্পতিবাৰে পুনৰ ফেৰী চলাচল আৰম্ভ হোৱাত বিভিন্ন কামত ফেৰীৰে যাতায়াত কৰিবলৈ ওলাই আহি পুৱাৰে পৰা ফেৰীঘাটত যাত্ৰীয়ে ভীৰ কৰিছেহি । আনহাতে, বৰ্তমান ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত পৰিছে । অতি কষ্টেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে বান বিধ্বস্ত অঞ্চলৰ ৰাইজে ।

লগতে পঢ়ক: NHPC ৰ পৰা কি ক’লে শংকৰজ্য়োতি বৰুৱাই ?

ABOUT THE AUTHOR

...view details