অসম

assam

ETV Bharat / state

পুনৰ আৰম্ভ অফলামুখ নিমাতি ফেৰীসেৱা - Ferry service closed due to heavy rain

পুনৰ আৰম্ভ হৈছে অফলামুখ নিমাতিৰ মাজত চলাচল কৰা ফেৰীসেৱা (Majuli Nimati ferry service opened)। মঙলবাৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ পানী কিছু পৰিমাণে হ্ৰাস পোৱাৰ ফলত পুনৰ আৰম্ভ হৈছে মাজুলী নিমাতিৰ মাজত চলাচল কৰা হৈছে এই ফেৰী সেৱা ।

Majuli Nimati ferry service opened
পুনৰ আৰম্ভ হৈছে অফলামুখ নিমাতিৰ মাজত চলাচল কৰা ফেৰী সেৱা

By

Published : Sep 7, 2022, 11:02 AM IST

মাজুলী, 7 চেপ্টেম্বৰ: আজিৰে পৰা পুনৰ আৰম্ভ হৈছে অফলামুখ নিমাতি ফেৰী সেৱা (Majuli Nimati ferry service opened) ৷ মঙলবাৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ পানী কিছু পৰিমাণে হ্ৰাস পোৱাৰ ফলত পুনৰ আৰম্ভ হৈছে মাজুলী নিমাতিৰ মাজত চলাচল কৰা হৈছে এই ফেৰী সেৱা । মাজুলীৰ অফলামুখ ঘাটৰ পৰা ইতিমধ্যে আজি এখন ফেৰী নিমাতি অভিমুখে ৰাওনা হৈছে ৷ ঠিক একেদৰে নিমাতি ঘাটৰ পৰা এখন ফেৰী মাজুলী অভিমুখে গৈছে ।

উল্লেখ্য যে, যোৱা কেইবাদিনৰ পৰা হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছিল ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ ফলত নদীৰে কাঠ আৰু জাবৰ উটি অহাৰ ফলত হ’ব পৰা যিকোনো বাধাৰ বাবে ৫ চেপ্টেম্বৰৰ পৰা বন্ধ কৰা হৈছিল এই মাজুলী নিমাতি ফেৰী সেৱা (Ferry service closed due to heavy rain) ৷ ফলত ফেৰী সেৱা বন্ধ কৰি দিয়াত যাত্ৰীসকলৰ মাজত একপ্ৰকাৰে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷

যদি পানী এনেদৰে ক্ৰমাৎ হ্ৰাস পোৱা পৰিলক্ষিত হয় তেন্তে কাইলৈৰ পৰা পূৰ্বৰ সময়-সূচী মতেই ফেৰী সেৱা চলাচল কৰাৰ আশা ব্যক্ত কৰিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ লোকে ।

লগতে পঠক:ভৰা কপিলীৰ বুকুৰে বিপদ সংকুল যাত্ৰা ৰাইজৰ

ABOUT THE AUTHOR

...view details