মাজুলী, 17 অক্টোবৰ :বিতৰ্কৰ মাজত সোমাই পৰিছে মাজুলী মিউজিক ফেষ্টিভেল । সংগীত শিল্পী নিলোৎপল বৰাৰ এটা ফেচবুক পোষ্টৰ পাচতেই বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আয়োজকৰ বিৰুদ্ধে নামী-দামী স্পন্সৰশ্বীপ লৈও সংগীত পৰিৱেশন কৰা শিল্পীক মাননী আদায় নিদিয়াৰ অভিযোগ তুলিছে শিল্পী নিলোৎপল বৰাই । বিগত বৰ্ষ কেইটাত মাজুলী মিউজিক ফেষ্টিভেলৰ লগত জড়িত আছিল নিলোৎপল বৰা ।
উত্তৰ-পূব ভাৰতৰ বিভিন্ন মিউজিক বেণ্ডৰ লগতে ভাৰতবৰ্ষৰ নামী-দামী বেণ্ডে গীত পৰিবেশন কৰিছিল এই সংগীত মহোৎসৱত । সোমবাৰে ফেচবুক লাইভযোগে নিলোৎপল বৰাই অভিযোগ আনে যে, ভাৰতবৰ্ষৰ বহু গণ্য-মান্য শিল্পীক ধন আদায় দিবলৈ বাকী আছে মাজুলী মিউজিক ফেষ্টিভেল আয়োজকপক্ষৰ । সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত বহুতৰ পৰা নিলোৎপল বৰাই এই সম্পৰ্কে অৱগত হোৱাৰ কথা জানিবলৈ দিয়ে ৷ অসমৰ পৰা মুম্বাইত থিতাপি লোৱা নিলোৎপল বৰাৰ অভিযোগ আয়োজকৰ এনে কাণ্ডই মাজুলীৰ লগতে অসমৰ সন্মান হানি কৰিছে ৷
নিলোৎপল বৰাৰ অভিযোগৰ পাচতেই মাজুলী মিউজিক ফেষ্টিভেলৰ আয়োজক মুকুল দলেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ মুকুল দলেই স্পষ্টকৈ কয় যে নিলোৎপলে কোৱা 60/70 শতাংশ কথাই মিছা ৷ প্ৰায় দৈনিক যোগাযোগত থকা নিলোৎপলে কিয় এনেদৰে পোষ্টটো দিলে সেই কথা ভাৱি পোৱা নাই বুলিও মন্তব্য কৰে দলেই ৷ তেওঁ কয় নিলোৎপল বৰাই কোৱাৰ দৰে ইমান পইচা দিবলৈ নাই, মাথো ৯ জন মানুহক অলপ অলপ পইচা দিবলৈ আছে । মুকুল দলেৰ মন্তব্য, পইচা দিবলৈ বাকী থকা কথাটো সত্য কিন্তু একলাখ টকা ২ঘণ্টাৰ ভিতৰত দিবলৈ অসমৰ্থ হোৱাৰ বাবে অলপ সময় বিচাৰি আহ্বান জনাইছিল নিলোৎপলক ৷
উল্লেখ্য যে, চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ ২৪ পৰা ২৬ নৱেম্বৰ অনুষ্ঠিত হ’ব মাজুলী সংগীত মহোৎসৱ ,তাৰ পূৰ্বে এই বৰ্ষত গীত পৰিৱেশন কৰাৰ আগতে শিল্পীসকলক ভাবি চাবলৈ অনুৰোধ জনাইছে নিলোৎপল বৰাই । জানিব পৰা মতে, ইতিমধ্যে নিলোৎপল বৰাক ৭০ হাজাৰ টকা আদায় দিছে মাজুলী মিউজিক ফেষ্টিভেলৰ উদ্যোক্তাই ।
লগতে পঢ়ক :Majuli Music Festival: মাজুলী মিউজিক ফেষ্টিভেলে বদনামী কৰিলে অসমক ! অভিযোগ শিল্পী নিলোৎপল বৰাৰ