অসম

assam

By

Published : Dec 18, 2021, 10:28 PM IST

Updated : Dec 19, 2021, 12:13 PM IST

ETV Bharat / state

Majuli Music Festival: দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ মাজুলী মিউজিক ফেষ্টিভেল

শীত আৰু সংগীতৰ আমেজ বাৰুকৈয়ে লৈছে মাজুলীবাসী ৰাইজে ৷ নৃত্য-গীত-মাত-কথাৰে মুখৰিত শীতৰ সন্ধিয়াৰে জীপাল এতিয়া মাজুলীৰ জেংৰাইমূখৰ খেৰকটীয়া নদীৰ পাৰ (Majuli Music Festival) ৷

Majuli Music Festival
দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ মাজুলী মিউজিক ফেষ্টিভেল

মাজুলী, 18 ডিচেম্বৰ : শুকুৰবাৰৰ পৰা মাজুলীত আৰম্ভ হৈছে মাজুলী মিউজিক ফেষ্টিভেল 'Majuli Music Festival' ৷ দুদিনীয়াকৈ অনুষ্ঠিত কৰা এই মিউজিক ফেষ্টিভেলে স্থানীয় ৰাইজৰ পৰা লাভ কৰিছে অভূতপূৰ্ব সহাঁৰি (two days music festival in majuli) ৷

দেশৰ বিভিন্ন প্ৰান্তৰ সংগীত শিল্পীসকলে ভিৰ কৰিছেহি মাজুলী ৷ অৱশ্যে সংগীতৰ সমান্তৰালকৈ নৃত্যানুষ্ঠান আৰু বিভিন্ন বিপনীৰ সমাহাৰ ঘটিছে মাজুলী মিউজিক ফেষ্টিভেলত ৷ অগণন ৰাইজৰ সমাহাৰে এই মিউজিক ফেষ্টিভেলৰ লগত জড়িত কৰ্মকতা সকলক যথেষ্ট উৎসাহী কৰি তুলিছে ৷

দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ মাজুলী মিউজিক ফেষ্টিভেল

ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ অন্যতম হিচাপে পৰিচিত মাজুলীৰ হৈ কিবা এটা কৰাৰ বাবে থকা দুৰ্বাৰ হেপাহৰ কথা সাংবাদিকৰ আগত প্ৰকাশ কৰিলে বিগত দহটা বছৰে সংগীত ক্ষেত্ৰৰ কামৰ বাবে মুম্বাইত থকা মাজুলীৰ এজন সংগীতপ্ৰেমীয়ে ৷ এই মাজুলী মিউজিক ফেষ্টিভেলে যাতে অন্য দিশতো দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে সেই উদ্দেশ্য আগত লৈ তেওঁলোকে 'Music for Change' Theme ও ৰাখিছে বুলি জানিবলৈ দিয়ে ৷

শনিবাৰে মাজুলী মিউজিক ফেষ্টিভেলৰ সামৰণিৰ দিনাও ৰাইজৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয় ৷

লগতে পঢ়ক :Miss World 2021 : ক'ভিডৰ বাবে সাময়িকভাৱে স্থগিত মিছ ৱৰ্ল্ড ২০২১ ৰ ফাইনেল

Last Updated : Dec 19, 2021, 12:13 PM IST

ABOUT THE AUTHOR

...view details