অসম

assam

ETV Bharat / state

মাজুলী শালমৰাত ভয়াৱহ খহনীয়াঃ ঘোৰ নিদ্ৰাত ব্ৰহ্মপুত্ৰ বৰ্ড - টিকে ইঞ্জিনিয়াৰিং

ব্ৰহ্মপুত্ৰত জাহ গৈছে মাজুলীৰ মূল ভূ-খণ্ড, বুমেৰাং হোৱাৰ দিশে ব্ৰহ্মপুত্ৰ বৰ্ডৰ ২৩৮ কোটি টকীয়া অভিলাষী আঁচনি ৷

মাজুলী শালমৰাত ভয়াৱহ খহনীয়াঃ ঘোৰ নিদ্ৰাত ব্ৰহ্মপুত্ৰ বৰ্ড

By

Published : Nov 7, 2019, 3:17 PM IST

মাজুলী,7 নৱেম্বৰঃ মাজুলীত সংকটত কেইবাটাও পৰিয়ালৰ মাটি ভেটি, প্ৰতি মূহুৰ্ততে নামি আহিছে ভয়াৱহ ভাবুকি ৷ শাৰদীয় ৰাস উৎসৱৰ উখলমাখল পৰিৱেশৰ মাজতে ব্ৰহ্মপুত্ৰৰ খহনীয়াই লৈছে সংহাৰী ৰূপ। বিগত দুটা দিনত মাজুলীৰ শালমৰাত ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈছে বিঘাই বিঘাই মাটি।

মাজুলীত খহনীয়াৰ সংহাৰী ৰূপ
লুইতৰ প্ৰকোপত চপৰা চপৰে খহিছে মাজুলীৰ মূল ভূ-খণ্ড ৷ ক্ৰমাৎ ব্ৰহ্মপুত্ৰ কাষ চাপি আহিছে শালমৰা অঞ্চলত ৷ মাজুলীৰ স্থায়ী সুৰক্ষাৰ দ্বায়িত্ব দিয়া চৰকাৰৰ ব্ৰহ্মপুত্ৰ বৰ্ডৰ নীৰৱ দৰ্শকৰ ভূমিকাই সংকট নমাই আনিছে মাজুলীবাসীৰ বাবে ৷ বিভাগটোৰ অকৰ্মণ্যতাৰ বাবেই ক্ৰমান্বয়ে ইখনৰ পিচত সিখন গাঁও জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত ৷
মাজুলী শালমৰাত ভয়াৱহ খহনীয়াঃ ঘোৰ নিদ্ৰাত ব্ৰহ্মপুত্ৰ বৰ্ড
এই পৰ্যন্ত নাই প্ৰতিৰোধৰ কোনো আঁচনি। ইয়াৰ বিপৰীতে ২৩৮ কোটি টকাৰ যি আঁচনি ব্ৰহ্মপুত্ৰ বৰ্ডৰ যোগেদি টিকে ইঞ্জিনিয়াৰিং নামৰ প্ৰতিষ্ঠানটোৱে ৰূপায়ণ কৰি আছে সেয়াও বুমেৰাংত পৰিণত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ৰাইজৰ অভিযোগ, টিকে ইঞ্জিনিয়াৰিঙ নামৰ প্ৰতিষ্ঠানটোৱে বিভাগৰ সৈতে মিলি সমুদায় ধন লুণ্ঠনতহে নামিছে ৷

ABOUT THE AUTHOR

...view details