মাজুলী, 23 নৱেম্বৰ :মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন বাকী । ৰাস বুলি ক’লেই পোন প্ৰথমে সত্ৰ নগৰী মাজুলীৰ ছবিখন সকলোৰে মনলৈ আহে । মাজুলীৰ লগত ৰাসৰ আছে এৰাব নোৱাৰা সম্পৰ্ক । এই ৰাস মহোৎসৱৰ সময়ত মাজুলী পৰিণত হয় দ্বিতীয় বৃন্দাবনলৈ ।
কৃষ্ণৰ বাঁহীৰ অমিয়া সুৰ, খোল তাল, কৃষ্ণ বন্দনাৰে মুখৰিত হয় মাজুলীৰ আকাশ বতাহ । এইবছৰ মাজুলীৰ প্ৰায় অৰ্দ্ধ শতাধিক ৰংগমঞ্চ আৰু 12 খনকৈ সত্ৰত অনুষ্ঠিত হ’ব এই ৰাস মহোৎসৱ । বান-বাৰিষাৰ সকলো দুখ-দুৰ্দশা পাহৰি মাজুলীৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলো ব্যস্ত মাজুলীৰ গৌৰৱ এই ৰাস মহোৎসৱক লৈ ।
ইফালে মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰৰ দৃশ্যই এতিয়া সকলোকে মুদ্ধ কৰিছে । কিয়নো সত্ৰৰ মুখাশিল্পীসকল এতিয়া ৰাস মহোৎসৱত ব্যৱহৃত হ’বলগীয়া মুখাত শেষ পৰশ দিয়াত ব্যস্ত । এই চামগুৰি সত্ৰত নিৰ্মিত হোৱা মুখা মাজুলীৰ লগতে অসমৰ বিভিন্ন ঠাইলৈ যাব । ইতিমধ্যে বহু মুখা নিৰ্দিষ্ট স্থানলৈ চামগুৰিৰ পৰা লৈ যোৱাও দেখা গৈছে ।