অসম

assam

By

Published : Aug 25, 2022, 11:03 AM IST

Updated : Aug 25, 2022, 1:12 PM IST

ETV Bharat / state

মাজুলীৰ মুখা শিল্পক অপমান

ডিব্ৰুগড়স্থিত 'আদিত্য ৰেচিডেঞ্চি মাজুলী' নামৰ বিলাসী ৰেষ্টোৰাখনত সত্ৰনগৰী মাজুলীৰ সংস্কৃতিক ডাইনিং মেটত উপস্থাপন কৰা হৈছে । মুখা শিল্পক ডাইনিং মেটত উপস্থাপন কৰাক লৈ সৰৱ দল-সংগঠন তথা শিল্পী সমাজ (Insulting art and culture of Majuli)। ৰেষ্টোৰা কৰ্তৃপক্ষক সমালোচনা ।

Dibrugarh
মাজুলীৰ মুখা শিল্পক অপমান

মাজুলী,২৫ আগষ্ট :বিভিন্ন সময়ত বহিঃৰাজ্য বা বহিঃৰাষ্ট্ৰত অসমৰ কলা-সংস্কৃতিক একাংশ লোকে অপমান কৰা দেখা যায় । কিন্তু এইবাৰ বিদেশত নহয় অসমতে অপমান কৰা হৈছে অসমৰ সংস্কৃতিক । ঘটনাটো সংঘটিত হৈছে ডিব্ৰুগড়ৰ বিলাসী ৰেষ্টোৰা 'আদিত্য ৰেচিডেঞ্চি মাজুলী'ত (Aditya Residency Majuli controversy)। অভিযোগ অনুসৰি পৃথিৱী বিখ্যাত মাজুলীৰ মুখা শিল্পক অপমান কৰিছে ৰেষ্টোৰাখনে (3 star restaurant insults mask art of Majuli)। ৰেষ্টোৰা কৰ্তৃপক্ষৰ বিৰুদ্ধে অসমৰ বিভিন্ন দল-সংগঠন জাঙুৰ খাই উঠিছে ।

উল্লেখ্য যে 'আদিত্য ৰেচিডেঞ্চি মাজুলী' নামৰ ৰেষ্টোৰাখনত (Dibrugarh Aditya Residency Majuli) মাজুলীৰ বিভিন্ন কলা-সংস্কৃতিক উপস্থাপন কৰা হৈছে । কিন্তু তাৰ মাজতে মাজুলী তথা অসমৰ ঐতিহ্য মুখা শিল্পক ৰেষ্টোৰা কৰ্তৃপক্ষই ডাইনিং মেটত উপস্থাপন কৰিছে (Majuli mask art presented on dining mat)। যাক লৈ সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন আৰু সচেতন ৰাইজ ।

মাজুলীৰ মুখা শিল্পক অপমান

মাজুলীৰ ছামগুৰি সত্ৰৰ মুখা শিল্পী হেমচন্দ্ৰ গোস্বামীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মাজুলীৰ মুখা শিল্প আমাৰ গৌৰৱ আৰু আমাৰ পৰিচয় । এই শিল্পই আমাক আমাৰ গৌৰৱময় অতীতক সোঁৱৰাই দিয়ে । সেই শিল্পক এনেদৰে ডাইনিং টেবুলৰ মেট হিচাপে ব্যৱহাৰ কৰাটো অতি দুৰ্ভাগ্যজনক বুলি তেওঁউল্লেখ কৰে ।

তেওঁ লগতে কয় যে এই মুখা শিল্পক আগবঢ়াই নিয়াটো অসমৰ প্ৰতিগৰাকী লোকৰে দায়িত্ব । গতিকে এই শিল্পৰ ব্যৱহাৰ কৰোতে স্থান, কাল চাইহে ব্যৱহাৰ কৰিবলৈ তেওঁ আহ্বান জনায় । ৰেষ্টোৰা কৰ্তৃপক্ষকো গুৰুজনাৰ সৃষ্টিৰাজিক ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হ'বলৈ তেওঁ সকীয়াই দিয়ে ।

মাজুলীৰ মুখা শিল্পক অপমান

ইফালে বিষয়টোক লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । সংগঠনৰ নেতা অলিন হাজৰিকাই কয় যে মাজুলীৰ নাম লৈ কোনোৱে ব্যৱসায় কৰিছে তাত ক'বলগীয়া একো নাই কিন্তু এই ৰেষ্টোৰাখনত যিদৰে মাজুলীৰ কলা-সংস্কৃতিক মেটত ব্যৱহাৰ কৰিছে তাক মাজুলীবাসীয়ে গৰিহণা দিছে (AJYCP on Aditya Residency Majuli controversy)। তেওঁ নিজেও মাজুলীৰ নাগৰিক হিচাপে ঘটনাক গৰিহণা দিয়াৰ লগতে অতি শীঘ্ৰে ৰেষ্টোৰাখনৰ স্বত্বাধিকাৰীয়ে যাতে মেটসমূহ আঁতৰাই দিয়ে তাৰো দাবী জনাইছে নেতাগৰাকীয়ে ।

বিশিষ্ট মুখা শিল্পী প্ৰসন্ন গোস্বামীয়েও এই বিষয়টোক দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে ৰেষ্টোৰা কৰ্তৃপক্ষক সমালোচনা কৰে । তেওঁৰ মতে ৰেষ্টোৰাখনৰ দেৱালত যদিহে গুৰুজনাৰ এই অনুপম সৃষ্টি আঁৰি ৰাখিলে হয় তেতিয়াও ক'বলগীয়া একো নাছিল কিন্তু এনেদৰে মেট হিচাপে ব্যৱহাৰ কৰাটো উচিত হোৱা নাই । অতি সোনকালে ইয়াক আঁতৰাই দিবলৈও তেওঁ অনুৰোধ জনায় ।

লগতে পঢ়ক :বৰমালৈ গৌৰৱ কঢ়িয়াই আনিলে সুলেখক দেওবাৰ ৰামছিয়াৰীয়ে

Last Updated : Aug 25, 2022, 1:12 PM IST

ABOUT THE AUTHOR

...view details