মাজুলী, ৪ মাৰ্চ: সমগ্ৰ ভাৰততে ৯টা প্ৰকল্পৰ কাম হাতত লৈছে "ক'টা এডুকেশ্যনেল এণ্ড চেৰিটেবল ট্ৰাষ্টে" । ইয়াৰ অংশ হিচাপে অসমৰ মাজুলীতো বৃহস্পতিবাৰে নিজৰ কৰ্মসূচীৰ শুভাৰম্ভণি কৰিলে সৰ্বভাৰতীয় পৰ্যায়ৰ স্বেচ্ছাসেৱী সংস্থা "ক'টা এডুকেশ্যনেল এণ্ড চেৰিটেবল ট্ৰাষ্টে" । মাজুলীৰ ফুলনি ৰংগমঞ্চত কৰ্মসূচী শুভাৰম্ভণি কৰাৰ উদ্দেশ্যেৰে এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।
এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়াৰ লগতে পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰে । স্বেচ্ছাসেৱী সংস্থাটোৰ উদ্যোগত আগন্তুক দিনত মাজুলীত সৰ্বমুঠ ৯ টা প্ৰকল্পৰ কাম ৰূপায়ণ কৰা হ'ব বুলি জানিবলৈ দিছে সংস্থাটোৰ সদস্যই । কাৰ্বি আংলং জিলাৰ পিছত মাজুলী হৈছে ক'টা এডুকেশ্যনেল এণ্ড চেৰিটেবল ট্ৰাষ্টে কাম আৰম্ভ কৰা অসমৰ দ্বিতীয়খন জিলা । বৃহস্পতিবাৰে স্বেচ্ছাসেৱী সংস্থাটোৱে মাজুলীত মিনি ডিপাৰ্টমেণ্টেল ষ্ট'ৰ শুভাৰম্ভণি প্ৰকল্প কৰে ।