মাজুলী, 11 জানুৱাৰী:মাজুলীৰ দুই লক্ষ জনতাৰ সপোন যোৰহাট-মাজুলী সংযোগী দলং (Majuli Jorhat bridge) । মাজুলীবাসীৰ দীৰ্ঘদিনীয়া দাবী তথা সপোন মাজুলী যোৰহাট সংযোগী দলঙৰ কাম ২০২১ চনৰ ২৯ নৱেম্বৰৰ দিনা ভূমি পূজনৰ জৰিয়তে খুঁটা পোতাৰ কাম আৰম্ভ হৈছিল । ৯২৫ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া এই দলঙৰ দৈৰ্ঘ্য হৈছে ৮.২৫ কিলোমিটাৰ ।
মাজুলীৰ দুই লক্ষ জনতাৰ সপোন যোৰহাট-মাজুলী সংযোগী দলংখনৰ কাম আৰম্ভ হোৱাৰ পাছতেই খুঁটাৰ বিসংগতিৰ বাবে প্ৰায় ৫ মাহ ধৰি বন্ধ হৈ আছিল দলং নিৰ্মাণৰ কাম । প্ৰায় ৫ মাহ ধৰি বন্ধ হৈ থকা দলংখনৰ কাম পুনৰ নৱেম্বৰ মাহৰ পৰা আৰম্ভ হৈছে । মাজুলীৰ দুই লক্ষ জনতাৰ সপোন যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণ স্থানত মঙলবাৰে উপস্থিত হয় সাংসদ প্ৰদান বৰুৱা ।
দলং নিৰ্মাণৰ কাম সুচাৰুৰূপে হৈ আছে নে নাই লগতে আন বহু আনুসংগিক দিশ পৰ্যালোচনাৰ বাবে সাংসদগৰাকী উপস্থিত হয় মাজুলীৰ দলং নিৰ্মাণৰ স্থানত (MP Pradan Baruah in Majuli) ৷ সাংসদগৰাকীয়ে দলঙৰ নিৰ্মাণস্থলীত উপস্থিত হৈ UP STATE BRIDGE CORPORATION ৰ লগত মত বিনিময় কৰে ।