অসম

assam

মাজুলী সত্ৰত বিশ্ব মংগলৰ বাবে বাজিল দবা শংখ

By

Published : Mar 22, 2020, 11:50 PM IST

মাজুলী সত্ৰত বাজি উঠিল দবা শংখ । মাধৱ দেৱৰ কাকুতি ঘোষা পাঠ কৰি বিশ্ববাসীৰ মংগলৰ বাবে সেৱা প্ৰাৰ্থনা মাজুলীবাসীৰ ।

মাজুলী
মাজুলী সত্ৰত বিশ্ব মংগলৰ বাবে বাজিল দবা শংখ

মাজুলী, 22 মাৰ্চঃ বৰ্তমান সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবৰ বাবে মাজুলীৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰত দেওবাৰে সন্ধিয়া বন্তি প্ৰজ্বলন কৰে ভকত বৈষ্ণৱ সত্ৰাধিকাৰে । কৰ'ণাৰ আতংকৰ বাবে মাজুলীত শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰত বন্তি প্ৰজ্বলন কৰি মাধৱদেৱৰ কাকুতি ঘোষা 'কিমতে ভকতি কৰিবো তোমাক' প্ৰাৰ্থনা কৰে । প্ৰধানমন্ত্ৰীৰ আহ্বান জনাই দিনটো জনতা কাৰ্ফিউ মানি ভকত বৈষ্ণৱ সকলে ৫ বজাৰ লগে লগে শৃংখলিতভাৱে একমিটাৰ দূৰত্ব বজাই ৰাখি কীৰ্তন ঘৰত দৱা শংখ, খোল তাল হাতচাপৰি বজায় । তাৰ পাছতে সকলোৱে কাকুতি ঘোষা গায় । মহামাৰী কৰ'ণাৰ পৰা পৰিত্ৰাণ বিচাৰি বন্তি প্ৰজ্বলন কৰি এনেদৰে প্ৰাৰ্থনা কৰে । সত্ৰ খনত সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে বিশ্বৰ সুমংগল কামনা কৰে । লগতে কৰ'ণা ভাইৰাছত আক্ৰান্ত সকলৰ আশু আৰোগ্য কামনা কৰে ভকত সকলে । আন আন সত্ৰতো সমূহীয়াভাৱে দৱা খোল তাল হাতচাপৰি বজায় ।

মাজুলী সত্ৰত বিশ্ব মংগলৰ বাবে বাজিল দবা শংখ

ABOUT THE AUTHOR

...view details