অসম

assam

ETV Bharat / state

বহিঃৰাজ্যৰ সৈতে সংযোগ বিচ্ছিন্ন মাজুলীৰ - Majuli

বিশ্বজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ ৷ মাজুলী সম্পূৰ্ণ ৰূপে সংযোগ বিচ্ছিন্ন জিলা প্ৰশাসনৰ ৷ ন'ভেল কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰাৰ স্বাৰ্থত মাজুলীত জিলা প্ৰশাসনে অতি অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান আৰু ফাৰ্মাচী সমূহৰ বাদে আন সকলো দোকান বন্ধ কৰোৱাৰ সিদ্ধান্ত লৈছে । আনহাতে তিনিজনতকৈ অধিক লোক একে ঠাইতে থকাতো নিষেজ্ঞা প্ৰদান কৰিছে প্ৰশাসনে ।

MAJULI IS IN ISOLATION FROM THE STATE
বহিঃৰাজ্যৰ সৈতে সংযোগ বিচ্ছিন্ন মাজুলীৰ

By

Published : Mar 21, 2020, 11:55 PM IST

মাজুলী 21 মাৰ্চ : বহিঃৰাজ্যৰ সৈতে সংযোগ বিচ্ছিন্ন মাজুলীৰ৷ মাজুলী এতিয়া সম্পূৰ্ণ ৰূপে সংযোগ বিচ্ছিন্ন কৰিলে জিলা প্ৰশাসনে । জলপথ সমূহ বন্ধ কৰি দিয়াৰ লগতে ঢকুৱাখনা হৈ স্থল পথ সমূহও বন্ধ কৰিছে প্ৰশাসনে । আনহাতে কৰ্মসূত্ৰ প্ৰায় 100 গৰাকী বিভিন্ন ৰাজ্যৰ যুৱক-যুৱতী এতিয়া মাজুলীত প্ৰৱেশ কৰিছে৷ 100 জনক স্বাস্থ্য পৰীক্ষা প্ৰক্ৰিয়া চলাই থকাৰ লগতে তীক্ষ্ণ দৃষ্টি ৰখা হৈছে আটাইকেইজনক ।

বহিঃৰাজ্যৰ সৈতে সংযোগ বিচ্ছিন্ন মাজুলীৰ

আনহাতে ন'ভেল ক'ৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰাৰ স্বাৰ্থত মাজুলীত জিলা প্ৰশাসনে খাদ্য তথা অতি অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান আৰু ফাৰ্মাচী সমূহৰ বাদে আন সকলো দোকান বন্ধ কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইতিমধ্যে বাহিৰৰ পৰা যাত্ৰীবাহী বাছৰ প্ৰৱেশতো নিষেধাজ্ঞা আৰোপৰ লগতে শনিবাৰৰ পৰা মাজুলী সংযোগী জলপৰিবহন সেৱা বন্ধ কৰা হৈছে । ৰাজহুৱা স্থানত 144 ধাৰাও বলৱৎ কৰাৰ বাবে প্ৰশাসনে সিদ্ধান্ত লৈছে । আনহাতে তিনিজনতকৈ অধিক লোক একে ঠাইতে থকাতো নিষেজ্ঞা প্ৰদান কৰিছে প্ৰশাসনে ।

দেওবাৰে জিলা প্ৰশাসনে ভাইৰাছ প্ৰতিৰোধ সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে । ৰাইজৰ পৰামৰ্শ গ্ৰহণ কৰি জনগণৰ মংগলৰ বাবে চৈধ্য দিনৰ বিশেষ সজাগতাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইপিনে বেংক সমূহতো গ্ৰাহকে কেৱল ধন উলিওৱা আৰু জমা কৰাৰ বাদে আন আনুসংগিক সেৱা বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে । একে সময়ত বেংকৰ ভিতৰলৈ সৰ্বাধিক দহগৰাকী গ্ৰাহকহে প্ৰৱেশ কৰাৰ নিৰ্দেশ জাৰী কৰিছে৷

কোভিড-19 : অসমত এজন আক্ৰান্তৰ সন্দেহ

ABOUT THE AUTHOR

...view details