মাজুলী, 8 অক্টোবৰ :মাজুলীবাসীৰ খং উঠিছে ৷ সহজ সৰল মাজুলীৰ বুকুৰ আঘাত কোনেও নুবুজে কোনেও নুশুনে ৷ নদীৰ পাৰত উচুপি উঠিছে খহনীয়া গ্ৰস্থ ৰাইজ । মাজুলীৰ ভকত চাপৰিত অব্যাহত আছে ভয়াবহ খহনীয়া । মাজুলী ভকতচাপৰি আৰ্দশ গাঁও চামগুৰিত ব্ৰহ্মপুত্ৰৰ খহনীয়াই সংহাৰি ৰূপ ধাৰণ কৰিছে ৷ ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈছে ৮ টাকৈ পৰিয়ালৰ ঘৰৰ ভেটি । খং আৰু ক্ষোভত নিজ হাতেৰেই ভাঙিছে নিজেই সজা ঘৰ ৷ সুবিধাবাদীৰ দলবোৰে মাজুলীবাসীক বাৰে বাৰে ঠগে ৷ জনপ্ৰতিনিধি, ৱাৰ্ড সদস্য কাৰোৱেই হাতত মাজুলীৰ খবৰ লবলৈ আহৰি নাই ৷
গৰু গোহালি, মুকলি আকাশৰ তলত কণ কণ শিশুৰ সৈতে বাস কৰিছে খহনীয়াগস্তই । এই ক্ষেত্ৰত নিৰৱ হৈ ৰৈছে চৰকাৰ জিলা প্ৰশাসন, তথা ব্ৰহ্মপুত্ৰ ব’ৰ্ড। ইপিনে হাতত বেনাৰ লৈ ক্ষোভিত হৈ পৰিছে দুৰ্ভগীয়া ৰাইজ । ব্ৰহ্মপুত্ৰ হায় হায়, প্ৰশাসন হায় হায়, জনপ্ৰতিনিধি মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে মাজুলীবাসীয়ে ৷