মাজুলী, 2 নৱেম্বৰঃ এখন বিশেষ চাইকেল, এই চাইকেল খন চলাই আপুনি দ্ৰুত গতিত যাহ পাৰিব যিকোনো স্থানলৈ ৷ মাজুলীৰ এজন ছাত্ৰই সাজি উলিয়াইছে এখন ইঞ্জিন যুক্ত চাইকেল ৷ ৮০ চি চিৰ এই টু ষ্ট্ৰক ইঞ্জিনযুক্ত চাইকেলখন এক লিটাৰ পেট্ৰ'লৰে যাব পাৰিব ২৬ কিলোমিটাৰপৰ্যন্ত ৷
মাজুলীৰ ছাত্ৰই সাজি উলিয়ালে ইঞ্জিন যুক্ত চাইকেল - মাজুলীৰ
যানবাহন আইনে বহুতকে বিমোৰত পেলোৱাৰ সময়তে মাজুলীৰ এজন ছাত্ৰই সাজি উলিয়াইছে পেট্ৰ'লচালিত ইঞ্জিনৰ এই বিশেষ বাই চাইকেলখন। মাজুলীৰ বিহিমপুৰ সত্ৰৰ গুণীন্দ্ৰ কৃষ্ণ মহন্তই ১৫ দিনত সাজি উলিয়াইছে এই বিশেষ বাইচাইকেল খন।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ তৃতীয় স্নান্মাষিকৰ ছাত্র গুণীন্দ্ৰ কৃষ্ণ মহন্তই অধ্যয়নৰ মাজতে সাজি উলিওৱা চাইকেল খন লৈ ডিব্ৰুগড়ৰ পৰা মাজুলীৰ ঘৰলৈ আহে। দুমাহ পূৰ্বে নিৰ্মাণ কৰা চাইকেল খনৰ নিৰ্মাণত ব্যয় হৈছে মাত্ৰ ২১ হাজাৰ টকা। নতুন যান বাহন আইনে যদি আপোনাক সমস্যাত পেলাইছে তেনেহ'লে আপুনি এনে এখন চাইকেল ক্ৰয়ৰ কথা ভাৱিব পাৰে। গুণীন্দ্ৰ কৃষ্ণ মহন্তৰ এই চাইকেল খনে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ ভৱিষ্যতে এজন তাত্তিক পদাৰ্থ বিজ্ঞানৰ গৱেষক হোৱাৰ সপোন ছাত্ৰজনৰ। উল্লেখ্য যে, ফেচবুকৰ ভিডিঅ চাই নিৰ্মাণ কৰিছিল এই বাই চাইকেলখন ৷
লগতে চাওকঃৰান্ধনীসকল কোনো চাকৰিয়াল নহয়, স্বেচ্ছাসেৱীহেঃ সিদ্ধাৰ্থ ভট্টাচাৰ্য
TAGGED:
মাজুলীৰ