অসম

assam

ETV Bharat / state

দেৱালীত আতচবাজী নুফুটোৱাৰ সংকল্প মাজুলীৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ

মাজুলী বনগাঁও শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰশংসনীয় পদক্ষেপ ৷ দেৱালীত আতচবাজী নুফুটোৱাৰ সংকল্প ছাত্ৰ-ছাত্ৰীৰ ৷ বনগাঁও আৰক্ষী চকী আৰু বনগাঁও ব্যৱসায়ী সকলক মাটিৰ চাকি বিতৰণ কৰিলে ছাত্ৰ ছাত্ৰীয়ে ।

By

Published : Oct 26, 2019, 4:17 PM IST

মাজুলীৰ এখন বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ

মাজুলী, 26 অক্টোবৰঃপোহৰৰ উৎসৱ দীপাৱলী উদযাপনৰ বাবে সমগ্ৰ ৰাজ্যতে এতিয়া প্ৰস্তুতি চলিছে ৷ চীনা সামগ্ৰী আৰু আতচবাজীৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰসমূহ ৷ কিন্তু তেনে সময়তে মাজুলীৰ এখন বিদ্যালয়ে ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে। মাজুলী বনগাঁও শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে মাটিৰ চাকি লৈ অঞ্চলটোৰ চৰকাৰী অফিচ,আৰক্ষী চকী,দোকানে দোকানে ঘূৰি মাটিৰ চাকি বিতৰণ কৰিছে ৷ লগতে সকলোকে আতচবাজীৰ পৰা হোৱা বেয়া প্ৰভাৱৰ বিষয়ে অৱগত কৰি প্ৰাকৃতিকভাৱে উপলব্ধ সামগ্ৰীৰে উৎসৱটি উদযাপন কৰিবলৈ আহ্বান জনাইছে। ইপিনে ছাত্ৰ-ছাত্ৰী সকলে নিজেও এই পোহৰৰ উৎসৱ দীপাৱলী পোহৰে উদযাপন কৰা সংকল্প গ্ৰহণ কৰিছে ।

মাজুলীৰ এখন বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ

ইয়াৰোপৰি আতচবাজী পৰিহাৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে প্লাষ্টিক অথৱা ইলেক্টনিক চাকি ব্যৱহাৰৰ পৰিৱৰ্তে মাটিৰ চাকিৰে পৃথিৱী পোহৰাবলৈ সকলোকে অনুৰোধ জনাইছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ৷

লগতে চাওকঃ দিপাৱলী উপলক্ষে আখাউৰা ইন্টিগ্ৰেটেড চেকপোষ্টত মিঠাই বিনিময়

ABOUT THE AUTHOR

...view details