মাজুলী, ১৭ জুলাই:ফেৰী বন্ধৰ বাবে মাজুলীত সাধাৰণ লোকৰ লগতে ৰোগীৰ মাজতো হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । ফেৰী বন্ধ হোৱাৰ লগে লগেই দুখন নৌকা এম্বুলেঞ্চই ভৰসা দুই লাখ মাজুলীবাসীৰ । ইফালে, ১০৮ নৌকা এম্বুলেঞ্চত নাই অক্সিজেন গেছৰ চিলিণ্ডাৰ । যোৱা দেওবাৰে একে সময়তে মাজুলী গড়মূৰ জিলা চিকিৎসালয়ৰ পৰা ৪ গৰাকী ৰোগীক যোৰহাটলৈ ৰেফাৰ কৰাত বিমোৰত পৰে নৌকা এম্বুলেঞ্চৰ কৰ্মচাৰী ।
ইপিনে,১০৮ সেৱাৰ বাবে বহু সময় ধৰি অপেক্ষা কৰি নৌকা এম্বুলেন্স নাপায় কমলাবাৰী ঘাটৰ পৰা পুনৰ মাজুলী গড়মূৰ অসামৰিক চিকিৎসালয়লৈ ঘুৰাই নিলে মুৰ্মুষু ৰোগীক । ইয়াৰ মাজতে ১০৮ গাড়ী চালক আৰু নৌকা এম্বুলেঞ্চ কৰ্মচাৰীৰ মাজত বাক্ যুদ্ধ হোৱাও দেখা যায় । সংকটজনক অৱস্থাত থকা ৰোগী বহু সময় ধৰি ৰৈ থাকিব লগা হ'ল ঘাটত ।
মাজুলীৰ অফলামুখঘাটত থকা নৌকা এম্বুলেঞ্চখন বেয়া হৈ থকা বাবেও বহু সমস্যা সন্মুখীন হৈছে মাজুলীবাসী । ১০৮ কৰ্মচাৰীয়ে বিপদ শংকুলভাৱে ব্ৰহ্মপুত্ৰত ৰোগী পাৰাপাৰ কৰি আছে যদিও পৰ্যাপ্ত নহয় ১০৮ নৌকা এম্বুলেন্সৰ লগতে অক্সিজেন । এখন ১০৮ নৌকা এম্বুলেন্সত নিব লগা হৈছে দুজনকৈ ৰোগীক ।
উল্লখ্য় যে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱা বাবে অনিৰ্দিষ্ট কাললৈ বন্ধ হৈ আছে মাজুলী-নিমাতি ফেৰী সেৱা ৷ নেৰানেপেৰা বৰষুণৰ ফলত কেইদিনমান পূৰ্বে ব্ৰহ্মপুত্ৰৰ জলস্তৰ অভাৱনীয়ভাৱে বৃদ্ধি পোৱাত এই সিদ্ধান্ত গ্ৰহণ কৰিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগে ৷ যোৱা বৃহস্পতিবাৰৰ পৰা মাজুলী-নিমাতি ফেৰী সেৱা পুনৰ বন্ধ হোৱাত ৰাইজৰ মাজত হাহাকাৰ লাগিছে ৷ যাত্ৰীৰ নিৰাপত্তা আৰু ফেৰী ঘাটত ৰেম্প সমূহ ডুব যোৱাত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি ইতিমধ্য়ে আভ্যন্তৰীণ জল পৰিবহন বিভাগে সদৰী কৰিছে ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ পুনৰ হ্ৰাস নোহোৱা পৰ্যন্ত অফলা নিমাতী পাৰঘাট আৰু কমলাবাৰী নিমাতী পাৰঘাট দুয়োটা ঘাটতে ফেৰী সেৱা বন্ধ থাকিব বুলি আভ্যন্তৰীণ জল পৰিবহন বিভাগে উল্লেখ কৰিছে ।
লগতে পঢ়ক:Minister Jayanta Malla Baruah: বামপন্থাত থাকি কেতিয়াও ৰাষ্ট্ৰৰ সেৱক হ’ব নোৱাৰে; জয়ন্ত মল্ল বৰুৱা