অসম

assam

ETV Bharat / state

মঙলবাৰৰ পৰা আৰম্ভ হ'ল মাজুলী-যোৰহাট সংযোগী ফেৰী সেৱা

৫০ শতাংশ আসনৰ যাত্ৰীৰে পুনৰ বাহাল হ'ল ফেৰীসেৱা ৷ লক্ ডাউনৰ প্ৰাকক্ষণলৈ নিমাতি-মাজুলী সংযোগী পাৰঘাট দুটাৰে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ অধীনত চলাচল কৰা ফেৰীসমূহৰ ৫০ শতাংশ ফেৰীহে প্ৰতিদিনে চলোৱাৰ অনুমতি প্ৰদান কৰিছে মাজুলী জিলা প্ৰশাসনে ।

majuli ferry service restarting from today
মঙলবাৰ পৰা আৰম্ভ হ'ল মাজুলী-যোৰহাট সংযোগী ফেৰীসেৱা

By

Published : May 5, 2020, 8:36 PM IST

মাজুলী,5 মে'ঃ মঙলবাৰৰ পৰা আৰম্ভ মাজুলী-যোৰহাট সংযোগী ফেৰীসেৱা ৷ মাজুলীৰ জিলা দণ্ডাধীশ শ্ৰী বিক্ৰম কৈৰীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰৰে পুনৰ ফেৰী সেৱাৰ অনুমতি দিয়াৰ পিছতে মঙলবাৰৰ পৰা ৫০ শতাংশ যাত্ৰীৰে দুটা পাৰঘাটত পুনৰ ফেৰী চলাচল আৰম্ভ হয় ৷

মাজুলী আৰু দক্ষিণপাৰৰ যাতায়ত চলিব যদিও মাজুলীৰ উত্তৰপাৰ সংযোগী পাৰঘাটৰ ফেৰীসেৱা সদ্যহতে বন্ধ হৈয়ে থাকিব । লক্ ডাউনৰ প্ৰাকক্ষণলৈ নিমাতি-মাজুলী সংযোগী পাৰঘাট দুটাৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত চলাচল কৰা ফেৰীসমূহৰ ৫০ শতাংশ ফেৰীহে প্ৰতিদিনে চলোৱাৰ অনুমতি প্ৰদান কৰিছে মাজুলী জিলা প্ৰশাসনে ।

মঙলবাৰৰ পৰা আৰম্ভ হ'ল মাজুলী-যোৰহাট সংযোগী ফেৰীসেৱা

দুয়োটা পাৰঘাটৰে দুয়োপাৰে যাত্ৰীৰ বাবে হাত ধোৱাৰ উপযুক্ত ব্যৱস্থা কৰাৰ লগতে হেণ্ড ছেনিটাইজ কৰাৰো ব্যৱস্থা কৰিবলৈ আভ্যন্তৰীণ জল পৰিবহণ বিভাগক নিৰ্দেশ দিয়া হৈছে। মুখত মাস্ক নিপিন্ধা আৰু পাৰঘাটত যথোপযুক্ত ভাৱে হাত নোধোৱাকৈ কোনো যাত্ৰীয়েই ফেৰীত উঠিব নোৱাৰিব। ইটো পাৰে ফেৰীৰ পৰা নমাৰ সময়তো পাৰঘাটত প্ৰতিগৰাকী যাত্ৰীয়ে যথোপযুক্ত ভাৱে হাত ধোৱাৰ নিয়ম পালন কৰিবই লাগিব।

তদুপৰি, ফেৰীৰ ভিতৰত যাত্ৰী আৰু ফেৰীৰ কৰ্মচাৰীসকলে ইতিমধ্যে চৰকাৰে জাৰি কৰা COVID -19 সম্পৰ্কীয় সকলো নিয়ম মানি চলিব লাগিব । এইসমূহ নিয়ম কঠোৰ বাবে পালন হোৱাটো নিশ্চিত কৰি আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ যোৰহাটৰ সহকাৰী কাৰ্যবাহী অভিযন্তাই দৈনিক মাজুলীৰ উপায়ুক্তক প্ৰতিবেদন দাখিল কৰিব লাগিব বুলিও জিলা দণ্ডাধীশ গৰাকীৰ নিৰ্দেশটোত উল্লেখ কৰা হৈছে । পাৰঘাটত স্বাস্থ্য বিভাগৰ ফালৰ পৰা যাত্ৰী সকলক স্বাস্থ্য পৰীক্ষাৰ অন্তত ফেৰীত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে ।

ABOUT THE AUTHOR

...view details