মাজুলী, ২৭ আগষ্ট: শুকুৰবাৰৰ পৰা পুনৰ বন্ধ হৈ পৰিল মাজুলী-নিমাতী ফেৰী সেৱা । ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে মাজুলী জিলা প্ৰশাসনে অনিদিষ্ট কালৰ বাবে বন্ধ কৰিছে ফেৰীৰ চলাচল । পূৰ্বে আন্তঃজিলা যাতায়ত বন্ধ হৈ থকাৰ সময়ত ফেৰী সেৱাও বন্ধ কৰি ৰখা হৈছিল । যোৱা ১৮ আগষ্টৰ পৰা পুনৰ লুইতৰ বুকুৰে ফেৰীৰ চলাচল আৰম্ভ হৈছিল যদিও এতিয়া ব্ৰহ্মপুত্ৰৰ নদীৰ পানী বিপদসীমাৰ ৯৮ ছেঃমিঃ ওপৰেৰে বৈছে বাবে পুনৰ বন্ধ কৰা হৈছে মাজুলী-নিমাতী ফেৰী সেৱা ।
আনহাতে, হঠাতে ফেৰী সেৱা বন্ধ হৈ পৰাত দুয়ো পাৰৰ যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । ফেৰী ঘাটৰ পৰাই উভতিবলগীয়া হৈছে শ শ যাত্রী । ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি হৈ থকাৰ সময়ত নদীৰ বুকুৰে ফেৰী চলাচল কৰিলে যিকোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত ফেৰী সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে মাজুলী জিলা প্ৰশাসনে ।