মাজুলী লখিমপুৰৰ কেইবাখনো গাঁৱত অব্যাহত খহনীয়া - erosion
খহনীয়াই ধৰাশায়ী কৰা মৈৰোলিয়া গাৱঁৰ ৰাইজে খহনীয়া কমিবলৈ পূজাও আগবঢ়োৱাৰ লগতে গাঠিৰ ধন খৰছ কৰি খহনীয়া ৰোধৰ চেষ্টা কৰিছে ৰাইজে ।
মাজুলী, 5 আগষ্টঃ ৰাজ্যত অব্যাহত আছে খহনীয়া ৷ভয়াৱহ খহনীয়াৰ কৱলত মাজুলী সীমান্তৱৰ্তী লখিমপুৰ জিলাৰ অন্তৰ্গত লুইত খাৱলু পঞ্চায়তৰ বহু কেইখন গাওঁ। খহনীয়াই ধৰাশায়ী কৰা মৈৰোলিয়া গাৱঁৰ ৰাইজে খহনীয়া কমিবলৈ পূজা আগবঢ়োৱাৰ লগতে গাঠিৰ ধন খৰছ কৰি খহনীয়া ৰোধৰ চেষ্টা কৰিছে ৰাইজে। অঞ্চলটোৰ বৰালীমৰা,ললিতী,কামৰেং,বৰবালী,চামৰেং,কামৰং,কুলামৰা আদি অঞ্চলত হোৱা খহনীয়াৰ ফলত তিনি চাৰি বাৰকৈ ভেটি সলাব লগা হৈছে গাওঁবাসীয়ে ৷ সেয়েহে সোৱণশিৰিত পূজা আগবঢ়াই খহনীয়া প্ৰতিৰোধৰ চেষ্টা গাওঁবাসীৰ ৷ আনহাতে এই পৰিস্থিতিৰ বুজ ল'বলৈ ৰাইজৰ কাষত এবাৰো থিয় হোৱা নাই স্থানীয় বিধায়ক উৎপল বৰা,সাংসদ প্ৰদান বৰুৱা ৷