জনসাধৰণৰ সজাগ কৰিবৰ বাবে মাজুলীত অভিনৱ সজাগতা সমদল - সজাগতা সমদল
ভোটদানৰ বাবে মাজুলীত সজাগতামূলক সমদল, সমদলত জাতীয় সাজ-পাৰ পিন্ধি শতাধিক মহিলাৰ অংশগ্ৰহণ
![জনসাধৰণৰ সজাগ কৰিবৰ বাবে মাজুলীত অভিনৱ সজাগতা সমদল](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2849961-767-33890907-0379-4abc-a09f-bb5ce3bc4a2e.jpg)
মাজুলী, ৩০ মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে মাজুলীত অভিনৱ পদক্ষেপ । মাজুলীৰ আঠ শতাধিক মহিলাই জনসাধৰণক ভোটাধিকাৰৰ বাবে সজাগতা সৃষ্টি কৰাৰ অৰ্থে উলিয়াছেবৃহৎ সমদল । সমদলত অংশগ্ৰহণ কৰা একাধিক মহিলাই বনগাঁও অঞ্চলৰ আত্মসহায়ক গোটৰ । প্ৰতিজন জনসাধৰণৰ ভোটদান এটা মৌলিক অধিকাৰ বুলি বুজোৱাৰ অৰ্থে হাতে-হাতে বেনাৰ-পোষ্টাৰ লৈ শতাধিক মহিলাই ভক্তিমূলক গীতৰ লগতে দৰা-কইনা সাজি উলিয়াই এই সমদল । সমদলত অংশগ্ৰহণ কৰা সকলো মহিলাই জাতীয় সাজ-পাৰ পৰিধান কৰে । অসম ৰাজ্যিক জীৱিকা অভিযানৰ সহায়ত মাজুলীত উলিওৱা হয় এই সমদল ।