অসম

assam

বানৰ পাছত মাজুলীত এতিয়া জলসংকট!

By

Published : Sep 14, 2019, 6:53 PM IST

চৰকাৰৰ তথাকথিত উন্নয়নৰ আঁচনিয়ে ঢুকি নাপাই মাজুলীৰ শালমৰা অঞ্চল ৷ বানপানীৰ পাছত এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লাগে শালমৰাবাসীয়ে ৷

বানৰ পাছত মাজুলীত এতিয়া জলসংকট!

মাজুলী, 14 ছেপ্তেম্বৰ: প্ৰতি বছৰে বান পানীয়ে ধুই নিয়া নদীদ্বীপ মাজুলীত এইবাৰ দেখা দিছে তীব্ৰ জলসংকটে ৷ উন্নয়নৰ জয়-ঢোল বজোৱা পৰিৱৰ্তনকামী চৰকাৰৰ তথাকথিত উন্নয়নৰ আঁচনিয়ে কোনো কালে ঢুকি নোপোৱা মাজুলীৰ শালমৰা অঞ্চলৰ বাসিন্দাসকল এতিয়া বঞ্চিত নিজৰ মৌলিক অধিকাৰৰ পৰাও ৷ বাৰিষা সোমোৱাৰ লগে লগে বস্তু বাহানি ঘৰৰ ওপৰৰ চাঙত উঠাই চাং-ঘৰত উঠে শালমৰাবাসী কিন্তু তাৰ পাছতো বানে এৰি নিদিয়ে অঞ্চলটোক ৷ প্ৰত্যেক বছৰে বানে খোৱা পানীৰ একমাত্ৰ উৎস টিউবেলসমূহ নিমিষতে নষ্ট কৰে ৷ দিন হাজিৰা আৰু খেতিৰে জীৱন নিৰ্বাহ কৰা অতি দৰিদ্ৰ লোকে বাসবাস কৰা শালমৰাত নতুনকৈ এটা টিউবেল বহুৱাৰ সামৰ্থও নাই অঞ্চলবাসীৰ ৷

উল্লেখযোগ্য যে বহুদিন আগতে অঞ্চলটোত চৰকাৰে এটা টিউবেল দিছিল যদিও কোনো অজ্ঞাত লোকে সেইটো চুৰ কৰি নিয়াৰ পাছত এতিয়া নদীৰ অপৰিস্কাৰ পানী খাইয়ে জীৱন-যাপন কৰিছে শালমৰাবাসীয়ে ৷ ইফালে 1 ছেপ্তেম্বৰৰ পৰা 30 ছেপ্তেম্বৰলৈ ভাৰত আৰু অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰণালয়ে অসমত এই সমস্যাক লৈ চলাই আছে পোষণ মাহ অভিযান য'ত নাম নাই মাজুলীৰ শালমৰা অঞ্চলৰ ৷ এতিয়া প্ৰশ্ন হয় কেতিয়াকৈ অন্ত পৰিব মাজুলীবাসীৰ এই দীৰ্ঘদিনীয়া সমস্যাৰ ? এই সকল লোকৰ অৱস্থা দেখাৰ পাছত গা-লৰিব নে চৰকাৰী বৰমূৰীয়াৰ ৷

বানৰ পাছত মাজুলীত এতিয়া জলসংকট!

ABOUT THE AUTHOR

...view details