অসম

assam

আৱতৰীয়া দীপাৱলীৰে মোদীক ধন্যবাদ মাজুলীবাসীৰ

By

Published : Feb 20, 2021, 12:05 PM IST

মাজুলীত আবতৰীয়া দিপাৱলী পাতি মাজুলীবাসীয়ে ধন্যবাদ জনালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৷ যোৰহাট-মাজুলী সংযোগী দলঙৰ ভূমি পূজন কৰাৰ পিছতে ব্ৰহ্মপুত্ৰ বালিচৰত ১ লাখ মাটিৰ চাকি জ্বলাই লিখিলে 'Thank You Modi Ji' ।

মাজুলীত আৱতৰীয়া দীপাৱলীৰে মোডীক ধন্যবাদ মাজুলীবাসীৰ
মাজুলীত আৱতৰীয়া দীপাৱলীৰে মোডীক ধন্যবাদ মাজুলীবাসীৰ

মাজুলী, ২০ ফেব্ৰুৱাৰী: মাজুলীত আবতৰীয়া দিপাৱলী পাতি মাজুলীবাসীয়ে ধন্যবাদ জনালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৷ যোৰহাট-মাজুলী সংযোগী দলঙৰ ভূমি পূজন কৰাৰ পিছতে ব্ৰহ্মপুত্ৰ বালিচৰত ১ লাখ মাটিৰ চাকি জ্বলাই প্ৰধানমন্ত্ৰীক ধন্যবাদ আৰু আনন্দ-উল্লাহ প্ৰকাশ কৰে মাজুলীবাসীয়ে ৷ ব্ৰহ্মপুত্ৰ বালিচৰত ১ লাখ গছি মাটিৰ চাকিৰে লিখিলে 'Thank You Modi Ji'

এই উপলক্ষে শুকুৰবাৰে মাজুলীৰ ব্ৰহ্মপুত্ৰ পাৰত উপস্থিত থাকে টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰা ৷ নাম-প্ৰসংগৰে একপ্ৰকাৰ আনন্দৰৰ বন্যা নামি আহিছে মাজুলীবসীলৈ ।

উল্লেখ্য যে, বৃহস্পতিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী শুভাৰম্ভ কৰিছিল যোৰহাট-মাজুলী সংযোগী দলঙৰ ভূমি পূজন অনুষ্ঠান । সেই উপলক্ষে দিহানাম পৰিবেশন কৰি পবিত্ৰ মাটিৰ চাকি প্ৰজ্বলন কৰি নৰেন্দ্ৰ মোদীলৈ কৃত্বজ্ঞতা মাজুলীবাসীৰ ।

লগতে পঢ়ক:সোণাৰি আৰক্ষীৰ ওচৰত সন্তানসহ আত্মসমৰ্পণ মহিলা কেডাৰৰ

ABOUT THE AUTHOR

...view details