অসম

assam

ETV Bharat / state

মাজুলী জিলা কংগ্ৰেছৰ নতুন সভাপতি হ’ল দধি বৰুৱা - গেৰুৱা বসন

মাজুলীবাসীয়ে বহু আশাৰে সৰ্বানন্দ সোণোৱালক (Sarbananda Sonowal) দ্বিতীয় বাৰৰ বাবে মাজুলীৰ পৰা মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে যোৱা বাৰতকৈ দুগুণ ভোটত বিজয়ী কৰিছিল ৷ কিন্তু তেওঁ কেন্দ্ৰীয় মন্ত্ৰীৰ পদ পাই নিজৰ সুবিধাৰ বাবে মাজুলীৰ পৰা আঁতৰি সৰ্বানন্দ আৰু বিজেপিয়ে মাজুলী বাসীক চৰম প্ৰতাৰণা কৰিলে । জিলা সভাপতিৰ আসনত বহি এই মন্তব্য দধি বৰুৱাৰ ৷

new-president-is-dadhi-baruah
মাজুলী জিলা কংগ্ৰেছৰ নতুন সভাপতি হ’ল দধি বৰুৱা

By

Published : Jul 9, 2021, 10:55 PM IST

মাজুলী,9 জুলাই : শুকুৰবাৰে মাজুলী (MAJULI) জিলা কংগ্ৰেছৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হয় দধি বৰুৱা । উল্লেযোগ্য যে, যোৱা 6 জুলাইত মাজুলীৰ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে (Rajib Lochan Pegu) মাজুলী জিলা কংগ্ৰেছৰ সভাপতি পদ ত্যাগ কৰিছিল । তাৰপাচতে আজি অৰ্থাৎ শুকুৰবাৰে দধি বৰুৱাই মাজুলী জিলা কংগ্ৰেছৰ নতুন সভাপতি হিচাপে দায়িত্বভাৰগ্ৰহণ কৰি এখন সংবাদমেলৰ আয়োজন কৰে । সংবাদমলত তেওঁ কয় যে, মাজুলীবাসীয়ে বহু আশাৰে সৰ্বানন্দ সোণোৱালক (Sarbananda Sonowal) দ্বিতীয় বাৰৰ বাবে মাজুলীৰ পৰা মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে যোৱা বাৰতকৈ দুগুণ ভোটত বিজয়ী কৰিছিল ৷ কিন্তু কেন্দ্ৰীয় মন্ত্ৰীৰ পদ পাই নিজৰ সুবিধাৰ বাবে মাজুলীৰ পৰা আঁতৰি সৰ্বানন্দ আৰু বিজেপিয়ে মাজুলী বাসীক চৰম প্ৰতাৰণা কৰিলে ।

ইয়াৰ উপৰিও ৰাজীৱ লোচন পেগুৱে সভাপতি পদ ত্যাগ কৰি গেৰুৱা বসন পিন্ধিব নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মাজুলী জিলা কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে, বিধানসভা নিৰ্বাচনত বিফল হোৱাৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰিহে ৰাজীৱ লোচন পেগুৱে পদত্যাগ কৰিছে । আনহাতে মাজুলীত হ’ব লগা উপ-নিৰ্বাচনৰ বাবে আজিৰ পৰাই কংগ্ৰেছ সাজু হৈছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই দধি বৰুৱাই । লগতে সভাপতি গৰাকীয়ে কয় যে, তেওঁলোকৰ হাইকামাণ্ডে যি জনকে মাজুলীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব তেওঁলোকে সেইজনকে বিধায়ক হিচাপে মাজুলীৰ পৰা জিকাই পঠাব ৷

মাজুলী জিলা কংগ্ৰেছৰ নতুন সভাপতি হ’ল দধি বৰুৱা

উল্লেখযোগ্য যে, কেন্দ্ৰীয় মন্ত্ৰীসভাত কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal)ৰ অন্তৰ্ভুক্তিয়ে অৱশেষত অৱধাৰিত কৰি তুলিছে মাজুলী বিধানসভা সমষ্টি (Majuli Constituency)ৰ উপ-নিৰ্বাচন (By-Election) । যদিওবা ইয়াক লৈ বিগত দুমাহে ৰাজ্যৰ ৰাজনীতিত ব্যাপক জল্পনা-কল্পনা চলিছিল, কিন্তু সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ব নে নহয় তাক লৈও চৰ্চা অব্যাহত থকাত মাজুলীৰ উপ-নিৰ্বাচনকেন্দ্ৰিক ৰাজনীতিয়েও সঠিক গতি লোৱা নাছিল । কিন্তু এতিয়া বিজেপি (BJP)ৰ আভ্যন্তৰত মাজুলীক লৈ আৰম্ভ হৈছে ব্যাপক তৎপৰতা ।

মাজুলীত সোণোৱালৰ উত্তৰসুৰী কোন হ’ব ? মাজুলীত কাক দিব প্ৰাৰ্থিত্ব বিজেপিয়ে ? ইতিমধ্যে চৰ্চালৈ আহিছে প্ৰাক্তন মন্ত্ৰী তথা মাজুলীৰ পুৰণি কংগ্ৰেছ নেতা ৰাজীৱ লোচন পেগু (Rajib Lochan Pegu)ৰ নাম । এতিয়ালৈকে পেগুৱে কংগ্ৰেছ দল ত্যাগ কৰা নাই যদিও মাজুলী জিলা কংগ্ৰেছৰ সভাপতিৰ পদৰ পৰা অব্যাহতি লৈ ইংগিত দি থৈছে যে, যিকোনো মূহুৰ্ততে তেওঁ গেৰুৱা সাজ পিন্ধাৰ সম্ভাৱনা আছে । মন কৰিবলগীয়া যে, মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাচতেই ড৹ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta Biswa Sarma)ই মাজুলীত প্ৰথমটো ভ্ৰমণ কৰিছিল ।

সেইদিনাই মাজুলীত মুখ্যমন্ত্ৰী শৰ্মাক গামোচা পিন্ধাই আদৰণি জনাইছিল এইগৰাকী কংগ্ৰেছ নেতা ৰাজীৱ লোচন পেগুৱে ।ৰাজ্যিক বিজেপিৰ উচ্চস্তৰীয় সূত্ৰৰ পৰা পোৱা প্ৰাপ্ত খবৰ অনুসৰি, ৰাজীৱ লোচন পেগুৱে কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ আহি মাজুলীৰ উপ-নিৰ্বাচনত গেৰুৱা দলটোৰ প্ৰাৰ্থী হ’ব খুজিছে যদিও মাজুলী জিলা বিজেপি (Majuli District BJP)য়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে । কোনো কাৰণতে পেগুক দলীয় প্ৰাৰ্থী হিচাপে মানি ল’ব খোজা নাই মাজুলী জিলা বিজেপিয়ে । অৱশ্যে মুখ্যমন্ত্ৰী শৰ্মা পেগুৰ পক্ষত থকা বুলিও জানিব পৰা গৈছে ৷ এতিয়া সময়ত হে গম পোৱা যাৱ কি হ’ব মাজুলী সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট ৷

লগতে পঢ়কঃ চৰকাৰ নে মুখ্যমন্ত্ৰী; স্বৈৰাচাৰী কোন ?

ABOUT THE AUTHOR

...view details