মাজুলী, ২০ ফেব্ৰুৱাৰী: ২১-২২ ফেব্ৰুৱাৰীৰ পৰা মাজুলীত সহোদয়-২০২১ কাৰ্যসূচী অনুষ্ঠিত হ'ব । ইয়াৰ প্ৰধান উদেশ্য হ'ল অসমৰ বিভিন্ন জাতি-জনজাতি খিলঞ্জীয়া অসমীয়া, জনগোষ্ঠী তথা সাংস্কৃতিক সত্তাসমূহৰ বাৰেৰহণীয়া ৰূপক এই অনুষ্ঠানৰ মাজেদি ঐক্যবদ্ধভাৱে প্ৰকাশ কৰা । লগতে বিনন্দীয়া অসমৰ নান্দনিক সাৱলীল অভিব্যক্তিৰ জৰিয়তে সমন্বয় আৰু ভাতৃত্ববোধক সকলোৱে মিলি স্বচক্ষে সমাদৰ কৰা ।
এই অনুষ্ঠানত ৪৬ টাৰো অধিক জনগোষ্ঠীয় সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিব । ইয়াৰোপৰি, ১০০ খুলীয়াই অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত । অসমৰ আগশাৰীৰ শিল্পী জিতুল সোণোৱাল, কৃষ্ণমনি চুতীয়া, সীমান্ত শেখৰ, যতীন বৰা, দেৱজিৎ ছাহা, বিদ্যাসাগৰ, আশা বৰদলৈ, ববিতা শৰ্মা আদি শিল্পীয়ে অংশগ্ৰহণ কৰিব ।
অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্ত স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেইবাগৰাকীও সাংসদ, স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহীসকল উপস্থিত থাকিব । মাজুলীৰ প্ৰৱাসী মাজুলীৰ বিশিষ্ট প্ৰতিষ্ঠিত ব্যক্তিসকলৰ বাৰ্তালাপ অনুষ্ঠান অনুষ্ঠিত হ'ব । দুদিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ।