মাজুলী, 15 মাৰ্চঃ COVID-19 ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী জিলাত এই ৰোগৰ সংক্ৰমণৰ পৰা সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে প্ৰয়োজনীয় সকলো জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷ জনস্বাৰ্থৰ লগতে জিলাখনত COVID-19 সংক্ৰমণৰ আশংকা প্ৰতিহত কৰাৰ স্বাৰ্থত মাজুলী জিলাত মেলা, ৰাজহুৱা সভা, জন সমাবেশ, থিয়েটাৰ আদিৰ আয়োজনত জিলা প্ৰশাসনে বাধা আৰোপ কৰিছে ৷ ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰেৰণ কৰা নিৰ্দেশনাৰ আধাৰত জিলা দণ্ডাধীশ বিক্ৰম কৈৰীয়ে এই আদেশ জাৰি কৰিছে ৷ এই বিষয়ত পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত সমগ্ৰ জিলাখনত ৰাজহুৱা সভা-সমাবেশ, মেলা, থিয়েটাৰ আদিৰ ক্ষেত্ৰত এই নিৰ্দেশ বাহাল থাকিব ৷ ইফালে মাজুলী গড়মূৰত আজিৰে পৰা অনুষ্ঠিত হোৱা দিবা নৈশ টেনিচ বল ক্ৰিকেট প্ৰতিযোগিতা প্ৰশাসনে তাৎক্ষণিকভাৱে বাতিল কৰে ৷ খেল খন উদ্বোধন হোৱাৰ পাচতো বন্ধ কৰে জিলা প্ৰশাসনে ৷ আনহাতে ফুলনিত অনুষ্ঠিত হোৱা থিয়েটাৰ সূৰ্য বাতিলৰো নিৰ্দেশ প্ৰদান কৰিছে জিলা প্ৰশাসনে ৷
COVID-19 সংক্ৰমণৰ আশংকাত জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ মাজুলীত - covid-19 awarness
COVID-19 সংক্ৰমণৰ আশংকা প্ৰতিহত কৰাৰ স্বাৰ্থত মাজুলী জিলাত মেলা, ৰাজহুৱা সভা, জন সমাবেশ, থিয়েটাৰ আদিৰ আয়োজনত জিলা প্ৰশাসনে বাধা আৰোপ কৰিছে ৷ উদ্বোধন হোৱাৰ পাচতো আজিৰে পৰা অনুষ্ঠিত হোৱা দিবা নৈশ টেনিচ বল ক্ৰিকেট প্ৰতিযোগিতাৰ লগতে থিয়েটাৰ সূৰ্য বাতিল কৰে জিলা প্ৰশাসনে ৷
জৰুৰী ব্যৱস্থা গ্ৰহণ মাজুলীত
Last Updated : Mar 15, 2020, 11:51 PM IST