অসম

assam

ETV Bharat / state

মাজুলীত দৰিদ্ৰ খেতিয়কক কৃষি সঁজুলি প্ৰদানৰ নামত ব্যাপক অনিয়ম - মাজুলীত কৃষি সঁজুলি প্ৰদানৰ নামত অনিয়ম বাতৰি

কৃষি সঁজুলি প্ৰদানৰ নামত দৰিদ্ৰ কৃষকৰ পাঁচৰ পৰা পোন্ধৰশ টকা সংগ্ৰহ অসাধু চক্ৰৰ ৷

মাজুলীত দৰিদ্ৰ খেতিয়কক কৃষি সঁজুলি প্ৰদানৰ নামত ব্যাপক অনিয়ম

By

Published : Oct 26, 2019, 3:53 AM IST

মাজুলী, 25 অক্টোবৰ: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গৃহ সমষ্টি মাজুলীত দৰিদ্ৰ কৃষকক কৃষি সঁজুলি প্ৰদানৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ মাজুলীত কৃষি সঁজুলি প্ৰদানৰ নামত বিজেপিৰ আৰ্শীবাদ পুষ্ট একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে তেজ সুহি খাইছে নদীদ্বীপটোৰ সৰ্বহাৰা খেতিয়ক সকলৰ ৷ তথ্য অনুসৰি মাজুলীৰ ২০ খন পঞ্চায়তত প্ৰতিখন পঞ্চায়তত সাতশৰ পৰা আঠশ দৰিদ্ৰ কৃষকক বিনামূলীয়া কৃষি সঁজুলিৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল ৷ যাৰ ফলস্বৰূপে আন 20 খন পঞ্চায়তৰ লগতে দক্ষিণ কমলাবাৰী পঞ্চায়ততো প্ৰকৃত দৰিদ্ৰ কৃষকসকলে দাখিল কৰিছিল প্ৰায় সাতশ খন প-পত্ৰ ৷ কিন্তু ইয়াৰ পাছতে পঞ্চায়তটোত আৰম্ভ হয় প্ৰ-পত্ৰ পূৰণৰ নামত এক ভয়ংকৰ জালিয়াতি ৷ আঁচনিখনৰ দায়িত্বত থকা কৃষি বিভাগৰ পৰিবৰ্তে দক্ষিণ কমলাবাৰী পঞ্চায়তৰ সভিনেত্ৰী অৰ্চনা বৰাই এই প-পত্ৰ সমূহ সংগ্ৰহ কৰি তাৰে কিছু সংখ্যক প-পত্ৰ নিজৰ হাতত ৰাখি আৰম্ভ কৰে বৃহৎ বেপাৰ ৷ যাৰ ফলত এহাজাৰৰ পৰা পোন্ধৰশ টকালৈকে উঠিছে এখন কৃষি সঁজুলি প্ৰদানৰ প্ৰ-পত্ৰ দাম ৷ এই অসাধু চক্ৰৰ প্ৰকোপত এতিয়া পঞ্চায়ত কাৰ্যালয়লৈ ফৰ্ম বিচাৰি গৈ ঘূৰি আহিব লগীয়া হৈছে প্ৰকৃত হিতাধিকাৰীসকল ৷

কৃষি সঁজুলি প্ৰদানৰ নামত দৰিদ্ৰ কৃষকৰ পাঁচৰ পৰা পোন্ধৰশ টকা সংগ্ৰহ অসাধু চক্ৰৰ

ইফালে, হেমন্ত বৰা নামৰ যুৱ কৃষক এজনে এই তথ্য সংবাদ মাধ্যমত ৰাজহুৱা কৰিবলৈ বিচৰাত তেওঁক প্ৰাণে মৰা ভাবুকি প্ৰদান কৰিছে চক্ৰটোৰে জড়িত শান্তনু দাস নামৰ এজন বিজেপি দল নেতাই ৷ দুৰ্নীতি বিৰুদ্ধে শূণ্য সহনশীল মুখ্যমন্ত্ৰী গৰাকীৰ নিজ সমষ্টিতে তৃণমূল পৰ্যায়ত এতিয়া ব্যাপক হাৰত গঢ়লৈ উঠা এই দুৰ্নীতি ৰোধৰ ক্ষেত্ৰত স্বয়ং মুখ্যমন্ত্ৰী গৰাকী তথা বিভাগীয় কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰে আগন্তুক দিনত সেইয়াহে লক্ষণীয় হব ৷

ABOUT THE AUTHOR

...view details