অসম

assam

ETV Bharat / state

মাজুলীত স্থায়ী সুৰক্ষা আঁচনিৰ নামত ৰাইজক ৰামঠগন ব্ৰক্ষ্মপুত্ৰ বৰ্ড'ৰ

মুখ্যমন্ত্ৰীৰ সমষ্টিত খহনীয়া সমস্যাৰ স্থায়ী সমাধান আচঁনিৰ নামত অনিয়মৰ অভিযোগ ৷ ৰাইজে বন্ধ কৰিলে টি কে ইঞ্জিনিয়াৰিঙৰ কাম ৷

মাজুলীত স্থায়ী সুৰক্ষা আঁচনিৰ নামত ৰাইজক ৰামঠগন ব্ৰক্ষ্মপুত্ৰ বৰ্ডৰ

By

Published : Nov 1, 2019, 5:45 PM IST

Updated : Nov 1, 2019, 6:23 PM IST

মাজুলী,1 নৱেম্বৰ:মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি মাজুলীত প্ৰহসনত পৰিণত হৈছে মাজুলীৰ খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে ব্ৰক্ষ্মপুত্ৰ বৰ্ডে আৰম্ভ কৰা ২৩৭ কোটি টকীয়া স্থায়ী সুৰক্ষা আঁচনি ৷ সত্ৰনগৰী মাজুলীৰ সুৰক্ষাৰ বাবে গৰাখহনীয়াৰে জৰ্জৰিত নদীদ্বীপৰ ২৭ কিলোমিটাৰ অঞ্চল বেংক ৰিবেডমেন্ট আঁচনিৰ জৰিয়তে ২৩৭ কোটি টকাৰ এক অভিলাষী আঁচনিৰ ৰূপায়নৰ বাবে টি কে ইঞ্জিনিয়াৰিং নামৰ এটা অৰুণাচলী সংস্থাক দায়িত্ব দিছিল ব্ৰক্ষ্মপুত্ৰ বৰ্ডে ৷ কিন্তু দুটা বছৰ উকলি যোৱাৰ পাছতো এই টিকে ইঞ্জিনিয়াৰিঙ কোম্পানীয়ে কোটি টকা সৰাধ কৰাৰ বিপৰীতে মাজুলীৰ মূল ভূ-খণ্ডৰ এচপৰা মাটিও সুৰক্ষা দিবলৈ সক্ষম নোহোৱাৰ অভিযোগ কৰিছে নদীদ্বীপটোৰ স্থানীয় ৰাইজৰ লগতে মাজুলী মহকুমা ছাত্ৰ সন্থাই ৷

খহনীয়া সমস্যাৰ স্থায়ী ৰোধৰ আচঁনিৰ নামত অনিয়মৰ অভিযোগ

ইফালে শেহতীয়াকৈ ব্ৰক্ষ্মপুত্ৰৰ জিৰ পইন্টৰ শালমৰা অঞ্চলত খহনীয়া অব্যাহত থকাৰ সময়তে কোম্পানীটোৱে জিঅ বেগত বালিৰ পৰিবৰ্তে মাটি ভৰাই পুনৰ এক লুন্ঠনৰ চেষ্টা কৰোতেই স্থানীয় ৰাইজে হাতে লোটে ধৰা পেলাই ৷ বালি ভৰ্তি জিঅ বেগ নদীৰ গৰাত স্থাপন কৰি মাজুলীক সুৰক্ষিত কৰাৰ বিপৰীতে বোকা, পথৰুৱা মাটিকে বেগত ভৰাই আঁচনিৰ নামত কেৱল বেগ সমূহ নদীখনৰ গৰাত পেলাই কোটিটকীয়া আচঁনি ৰূপায়নৰ নামত সত্ৰনগৰীবাসীক আভুৱা ভাৰিব বিচৰা কাৰ্যত বৰ্তমান খৰ্গহস্ত হৈ পৰিছে ৰাইজ ৷ আনহাতে, শনিবাৰে স্থানীয় ৰাইজ আৰু জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে নিৰ্মানস্থলী পৰিৰ্দশন কৰি কোম্পানীটোৰ কাম দেখি হতভম্ব হৈ পৰাৰ লগতে কৰ্মচাৰী সকলক কামবন্ধ কৰিবলৈ সকীয়াই দিয়ে ৷

ইমানবোৰৰ পাছতো ঘটনা সন্দৰ্ভত নিধিৰাম চৰ্দাৰৰ ভাৱত অৱতীৰ্ণ হৈছে ব্ৰহ্মপুত্ৰ বৰ্ড ৷ ৰাইজৰ বহুবাৰ অভিযোগৰ পাছতো তেওঁলোকৰ কথা শুনিবলৈ এতিয়া আহৰি নাই বৰ্ডৰ ৷ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল সমষ্টিটো খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিনিধিত্ব কৰাৰ পাছতো কামত গাফিলতি কৰা কোম্পানীৰ ওপৰত এতিয়ালৈকে একো পদক্ষেপ গ্ৰহণ কৰাৰ আগ্ৰহ প্ৰকাশ কৰা নাই পৰিৱৰ্তনকামী বিজেপি চৰকাৰে ৷

Last Updated : Nov 1, 2019, 6:23 PM IST

ABOUT THE AUTHOR

...view details