মাজুলী, 2 অক্টোবৰ :প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মাজুলীৰ বিধায়ক পদ এৰাৰ লগে লগে মাজুলীত উপ-নিৰ্বাচন হোৱাটো নিশ্চিত হৈ পৰিছে । উপ-নিৰ্বাচনৰ প্ৰসংগ অহাৰ লগে লগেই বিজেপিক প্ৰতিহত কৰিবলৈ উঠি পৰি লাগিছে বিৰোধী দল সমুহ । বিজেপিক প্ৰতিহত কৰাৰ উদ্দেশ্যে মাজুলী সমষ্টিতো অসম জাতীয় পৰিষদক এৰি দিব বুলি জানিব পাৰি কংগ্ৰেছৰ ৰাজ্যিক সমিতিৰ প্ৰতি ক্ষুব্ধ হৈ পৰিছে মাজুলী কংগ্ৰেছৰ তৃনমূল কৰ্মী সকল।
এইবাৰ প্ৰদেশ কংগ্ৰেছ বনাম মাজুলী কংগ্ৰেছ - কংগ্ৰেছ
মাজুলীত কংগ্ৰেছ কৰ্মীৰ ক্ষোভ ৷ মাজুলী সমষ্টি AJP ক এৰি নিদিবলৈ আহ্বান প্ৰদেশ কংগ্ৰেছ কমিটিক ৷
![এইবাৰ প্ৰদেশ কংগ্ৰেছ বনাম মাজুলী কংগ্ৰেছ majuli congress unhappy with apcc](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-13240038-152-13240038-1633172821647.jpg)
প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালৰ দৰে নেতাকো প্ৰৱল পত্যাহ্বানৰ সন্মুখীন কৰিবলৈ সক্ষম হোৱা কংগ্ৰেছৰ কৰ্মী সকলে স্বাভাৱিকতেই এই কথাত ক্ষোভ প্ৰকাশ কৰিছে ৷ তেওঁলোকে এ পি চি চি ৰ এই সিদ্ধান্ত কোনো কাৰণতে মানি নলয় বুলি জানিব দিছে । কংগ্ৰেছৰ বিপদৰ সময়টো প্ৰায় ২৯ হাজাৰ ভোটাৰ আজিও সংগবদ্ধ হৈ থকাৰ কথা জানিব দিছে কৰ্মী সকলে ।
এই সকল ভোটাৰৰ মনৰ বুজ লওক কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বই । ইয়াৰ বিপৰীতে কোনো সিদ্ধান্ত মানি নলয় মাজুলী কংগ্ৰেছে । ইফালে ১৩ জনকৈ প্ৰাৰ্থীত্ব প্ৰত্যাশিয়ে আগন্তুক উপ নিৰ্বাচনৰ বাবে টিকত বিচাৰি আবেদন জনাইছে ।
লগতে পঢ়ক :উপ নিৰ্বাচন : বিৰোধী শিবিৰত মিলা নাই অংক