অসম

assam

ETV Bharat / state

মাজুলীৰ খাৰজানপাৰত সমূহীয়া বিবাহ সম্পন্ন - মাজুলীৰ খাৰজানপাৰ

মাজুলীৰ খাৰজানপাৰত সামাজিক ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হ'ল ২২ গৰাকী পুৰুষ-মহিলাই । আনুষ্ঠানিকভাৱে বিবাহ সম্পন্ন কৰিব নোৱাৰা এই পাত্ৰ-পাত্ৰীসকলৰ সুবিধাৰ্থে এই পদক্ষেপ গ্ৰহণ কৰিলে খাৰজানপাৰৰ ৰাইজে ।

মাজুলীৰ খাৰজানপাৰত সমূহীয়া বিবাহ সম্পন্ন
মাজুলীৰ খাৰজানপাৰত সমূহীয়া বিবাহ সম্পন্ন

By

Published : Feb 9, 2021, 1:09 PM IST

মাজুলী, ৯ ফেব্ৰুৱাৰী: মাজুলীৰ খাৰজানপাৰৰ হৰি মন্দিৰত সম্পন্ন হ'ল সমূহীয়া বিবাহ । বিভিন্ন অসুবিধাৰ বাবে সামাজিক নীতেৰে বিবাহ সম্পন্ন নকৰাকৈ থকা পুৰুষ-মহিলাক আনুষ্ঠানিকভাৱে বিবাহকাৰ্য সম্পাদন কৰাৰ সুযোগ দিলে খাৰজানপাৰৰ ৰাইজে । লগতে বিধৱা মহিলাৰ বিবাহ সম্পন্ন কৰি এক নিদৰ্শন দাঙি ধৰিলে মাজুলীৰ ৰাইজে । এই বিবাহ অনুষ্ঠানত মাজুলী, লখিমপুৰ আৰু যোৰহাটৰ সাত যোৰ দৰিদ্ৰ পৰিয়ালৰ দৰা-কইনাক বৈদিক ৰীতিৰ মাজেৰে সামাজিক স্বীকৃতি প্ৰদান কৰা হয় ।

মাজুলীৰ খাৰজানপাৰত সমূহীয়া বিবাহ সম্পন্ন

লগতে আন চাৰিগৰাকী বিধৱা মহিলাকো হোম যজ্ঞ নকৰাকৈয়ে পৰম্পৰাগত সকলো নিয়ম পালন কৰি প্ৰতীকি অৰ্থত বিবাহ সম্পন্ন কৰায় খাৰজানপাৰবাসী ৰাইজে । ৰাইজে জনোৱা মতে, আৰ্থিক ক্ষেত্ৰত সকাহ দিয়াৰ বাবে হৰি মন্দিৰত সমূহীয়া বিবাহৰ আয়োজন কৰা হৈছে । আনহাতে, এনেদৰে বিবাহ সম্পন্ন কৰিবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰিছে নৱ দম্পতিসকলে ।

লগতে পঢ়ক:মঙলবাৰে মৰাণত নিৰ্বাচনী ৰণশিঙা বজাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ABOUT THE AUTHOR

...view details