অসম

assam

By

Published : Sep 12, 2019, 4:00 PM IST

ETV Bharat / state

ফাঁচীকাঠত ওলমিবলৈ সাজু সত্ৰাধিকাৰ জনাৰ্দন গোস্বামী

অসম সত্ৰ মহাসভাকো উভতি ধৰিলে সত্ৰাধিকাৰ আৰু মাজুলীবাসীয়ে ৷ মাজুলীত খ্ৰীষ্টান আগ্ৰাসনৰ বিৰুদ্ধে মাত মাতিবলৈ যোৱা বিষয়টোক লৈ অসম সত্ৰ মহাসভাৰ স্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে মাজুলীৰ ৰাইজে ৷ মাজুলীৰ দক্ষিণপাট গৃহাশ্ৰমী সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীৰ খ্ৰীষ্টান বিৰোধী স্থিতিক একক সিদ্ধান্ত বুলি মন্তব্য কৰাক লৈ অসম সত্ৰ মহাসভাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মাজুলীৰ একাংশ সত্ৰাধিকাৰ তথা ৰাইজ ৷

ফাঁচীকাঠত ওলমিবলৈ সাজু সত্ৰাধিকাৰ জনাৰ্দন গোস্বামী

মাজুলী, 12 চেপ্তেম্বৰঃ ক্ৰমাৎ জটিল হ'বলৈ ধৰিছে মাজুলীৰ পৰিস্থিতি ৷ ধৰ্মান্তকৰণক লৈ উত্তপ্ত মাজুলী ৷ মাজুলীত খ্ৰীষ্টিয়ান আগ্ৰাসনৰ পিচতে সৃষ্টি হোৱা বিতৰ্কই নিতৌ ন ৰূপ লৈছে ৷ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ বিৰুদ্ধে আদালতত গোচৰ দিয়াৰ পিচতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এই সম্পৰ্কত বুধবাৰে মাজুলী সত্ৰ ন্যায়াধীশৰ আদালতে চমন জাৰি কৰিছিল সত্ৰাধিকাৰলৈ ৷ কিন্তু আদালতত উপস্থিতি নহ'ল সত্ৰাধিকাৰগৰাকী ৷ এইবাৰ গোচৰীয়া পক্ষক উভতি ধৰিলে সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে ৷ প্ৰয়োজনত জেললৈ যাবলৈও সাজু থকাৰ কথা ক'লে সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে ৷ যিকোনো মূল্যৰ বিনিময়ত মাজুলীত খ্ৰীষ্টান আগ্ৰাসন বন্ধ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী....

ফাঁচীকাঠত ওলমিবলৈ সাজু সত্ৰাধিকাৰ জনাৰ্দন গোস্বামী
গোচৰীয়া প্ৰশান্ত পায়েং

ABOUT THE AUTHOR

...view details