অসম

assam

By

Published : Aug 14, 2021, 8:12 PM IST

ETV Bharat / state

মাজুলীৰ উপ-নিৰ্বাচনক লৈ জ্যেষ্ঠ নাগৰিকৰ বিশেষ আহ্বান

মাজুলীত এতিয়া উপ-নিৰ্বাচনৰ (By Election) গৰম বতাহ বলিছে । কিন্তু কোন হ'ব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ? জ্যেষ্ঠ নাগৰিক সমাজে কি আহ্বান জনালে বিজেপি দলক ।

bye election
মাজুলীৰ উপ নিৰ্বাচনকলৈ জ্যেষ্ঠ নাগৰিকৰ বিশেষ আহ্বান

মাজুলী, ১৪ আগষ্ট :অসমত এতিয়া উপ নিৰ্বাচনক লৈ (By election) তৎপৰতা বাঢ়িছে । উপ নিৰ্বাচনৰ অন্যতম সমষ্টি মাজুলীতো দেখা গৈছে নিৰ্বাচনৰ প্ৰস্তুতি । পিছে মাজুলীত সৰ্বানন্দ সোণোৱালৰ (Sarbananda Sonowal) উত্তৰসূৰী কোন হ'ব ? তাক লৈ এতিয়া সমষ্টিটোত ব্যাপক চৰ্চা চলিছে । ৰাজনৈতিক দলসমূহৰ মাজতো তৎপৰতা বৃদ্ধি পাইছে ।

ইয়াৰ মাজতে মাজুলীৰ প্ৰায় ৫০ গৰাকী জ্যেষ্ঠ নাগৰিক একগোট হ'ল । আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰাৰ উদ্দেশ্যে বিশেষ সভাত মিলিত হয় জ্যেষ্ঠ নাগৰিকসকল । মাজুলীৰ ২০ টা পঞ্চায়তৰ জ্যেষ্ঠ নাগৰিকৰে গঠিত জাগৰণ মঞ্চৰ (Jagaran Manch) উদ্যোগত আয়োজন কৰা হয় বিশেষ সভাখন ।

মাজুলীৰ উপ-নিৰ্বাচনক লৈ জ্যেষ্ঠ নাগৰিকৰ বিশেষ আহ্বান

এই সভাখনত উপস্থিত থকা জ্যেষ্ঠ নাগৰিকসকল হৈছে শিক্ষক, অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া, সমাজকৰ্মী, ব্যৱসায়ী আদি । সভাৰ জৰিয়তে কেইবাটাও দাবী তোলে জ্যেষ্ঠ নাগৰিকসকলে ।

মাজুলীৰ বাহিৰৰ লোকক সমষ্টিটোৰ প্ৰাৰ্থিত্ব নিদিবলৈ শাসকীয় দলক আহ্বান জ্যেষ্ঠ নাগৰিকসকলৰ । আনহাতে নতুনকৈ বিজেপি মিত্ৰজোঁটত যোগদান কৰিব বিচৰা নেতাকো প্ৰাৰ্থিত্ব প্ৰদান নকৰিবলৈ আহ্বান জনায় । ইয়াৰ পৰিৱৰ্তে সমষ্টিটোত বিশিষ্ট ব্যৱসায়ী তথা বিজেপি কৰ্মী ভূৱন গামক প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে শাসকীয় বিজেপিক আহ্বান জনায় জ্যেষ্ঠ নাগৰিকসকলে ।

কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগু (Rajib Lochan Pegu) বিজেপিত যোগদান কৰিব বিচৰাকলৈও সৰৱ হৈ পৰে জ্যেষ্ঠ নাগৰিকসকল । বিজেপিত যোগদান কৰিবলৈ বিচৰা ৰাজীৱ লোচন পেগুক প্ৰাৰ্থিত্ব প্ৰদান কৰাকলৈ এক প্ৰকাৰ পৰোক্ষভাৱে বিৰোধীতা কৰে জ্যেষ্ঠ নাগৰিকসকলে । এতিয়া সময়েহে ক'ব জ্যেষ্ঠ নাগৰিকৰ এই আহ্বান কিমান দূৰ অনুসৰণ কৰে বিজেপি দলে ।

লগতে পঢ়ক :পুনৰ তিনি মাহলৈ যুদ্ধ বিৰতিৰ ম্যাদ বৃদ্ধি আলফাৰ

ABOUT THE AUTHOR

...view details