অসম

assam

ETV Bharat / state

বিদ্যালয়ৰ সাজতেই দাৱনীৰ ৰূপত বনগাঁও শংকৰদেৱ শিশু নিকেতনৰ এজাক শিক্ষাৰ্থী - পুৰণি পৰম্পৰাৰ সৈতে চিনাকী

শ্ৰেণীকোঠাৰ বিপৰীতে পথাৰত এজাক শিক্ষাৰ্থী ৷ লক্ষ্য - পুৰণি পৰম্পৰাৰ সৈতে চিনাকী কৰাই দিয়া ৷ পিছে ক’ত শ্ৰেণীকোঠাৰ বিপৰীতে পথাৰ পালেগৈ শিক্ষাৰ্থী ?

Farmers busy in paddy fields
সোণালী হৈ জিলিকি উঠিছে আঘোণৰ পথাৰ

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 4:08 PM IST

সোণালী হৈ জিলিকি উঠিছে আঘোণৰ পথাৰ

মাজুলী, 11 ডিচেম্বৰ : সোণালী হৈ জিলিকি উঠিছে আঘোণৰ পথাৰ৷ এতিয়া আঘোণ মাহ । সোণগুটি চপোৱাৰ বতৰ এয়া । আঘোণৰ ভৰপূৰ পথাৰত চৌদিশে সোণগুটি চপোৱাত ব্যস্ত এতিয়া চহা কৃষক-দাৱনী ৷ প্ৰতিজন চহা কৃষক এতিয়া ব্যস্ত হৈ পৰিছে সোণগুটি চপোৱাত ৷ কাচিৰ কেচ্ কেচ্ শব্দত ৰজনজনাইছে কৃষকৰ পথাৰ ।

বাদ পৰি ৰোৱা নাই পিছে মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীও ৷ মাজুলীৰ এই সোণোৱালী পথাৰত এইবাৰ নামিল মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতনৰ বহু ছাত্ৰ-ছাত্ৰী । নিজৰ পৰম্পৰা আৰু ঐতিহ্যৰ সৈতে চিনাকী কৰাই দিয়াৰ উদ্দেশ্য সোমবাৰে বনগাঁও শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলক নিকেতনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে আঘোণৰ পথাৰলৈ লৈ যায় ।

আঘোণৰ পথাৰত ছাত্ৰ-ছাত্ৰীসকলে মুকলি মনেৰে সোণোৱালী ধাননীৰ লগত সময় কটাবলৈ পাই আনন্দত আত্মহাৰা হৈ পৰে । ছাত্ৰ-ছাত্ৰীসকলক প্ৰথমে লেচেৰী বুটলিবলৈ দি সাতাম পুৰুষীয়া লেচেৰী বুটলা পৰম্পৰাৰ লগত চিনাকি কৰাই দিয়ে শিক্ষক-শিক্ষয়িত্ৰীসকলে । একেদৰে নৰা পেঁপা সাজি, নৰা পেঁপা বজাই বিহুগীত পৰিৱেশন কৰি গোটেই পথাৰখনেই আনন্দমুখৰ কৰি তোলে । একেদৰে বিদ্যালয়ৰ সন্মুখৰ পথাৰত দাৱনীসকলৰ লগত ছাত্ৰ-ছাত্ৰীসকলকো ধান দাবলৈ শিকোৱা হয় ।

উল্লেখ্য যে সদা ব্যস্ত দৈনন্দিন জীৱনত পৰিয়ালৰ সকলো সদস্যই ঘড়ীৰ কাটাৰ লগত দৌৰি থাকিবলৈ বাধ্য হৈ পৰা দেখিবলৈ পোৱা যায় ৷ যাৰ ফলত আজিৰ নতুন প্ৰজন্মই সমাজত প্ৰচলিত বহু পৰম্পৰাৰ পৰা আঁতৰত অৱস্থান কৰিব লগা হয় ৷ আনকি বহু পৰম্পৰা সমাজৰ পৰা ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম হৈছে । এনে সময়ত উক্ত বিদ্যালয়খনে লোৱা এই পদক্ষেপ সঁচাই প্ৰশংসনীয় ।

বিদ্যালয়ৰ এনে কাৰ্যসূচীয়ে অসমীয়া সমাজৰ প্ৰচলিত বহু ব্যৱস্থা ধৰি ৰখাত তথা নতুন প্ৰজন্মক ইয়াৰ সৈতে জড়িত কৰোৱাত সহায় কৰিব ।

লগতে পঢ়ক :মৰাণত চহা কৃষকৰ সপোন সোণালী হৈ জিলিকিছে ভৰা আঘোণৰ পথাৰত

ABOUT THE AUTHOR

...view details