মাজুলী,21 জানুৱাৰীঃ২০০৬ চনৰ পৰা প্ৰতি দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰি অহা অসম ভাওনা সমাৰোহ এই বাৰ অষ্টম বৰ্ষত আউনীআটী সত্ৰৰ সমীপৰ মনিকাঞ্চন ৰংগক্ষেত্ৰত অনুষ্ঠিত হৈছে । যোৱা ১৯ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা সমাৰোহ খনি ১ ফেব্ৰুৱাৰীলৈকে ১৩ দিনীয়াকৈ উদযাপন হ'ব । সমাৰোহ খনিত মুঠ ২৮ খন ভাওনা প্ৰদৰ্শিত হৈছে। ১৯ জানুৱাৰী বৰ্ণিল উদ্বোধনী অনুষ্ঠানৰ পাছতে সন্ধিয়া ৫ বজাত প্ৰতিযোগিতাৰ প্ৰথম নিশাৰ ভাওনা উদ্বোধন হয় । প্ৰথম দৰ্শনীৰ ভাওনা মাজুলীৰ বাঘৰ গাঁও শংকৰ জ্যোতি শিল্পী সমাজৰ- দধিচী মুনিৰ অস্থিদান, বৃত্ৰাসুৰ বধ প্ৰদৰ্শন কৰা হয় ।
২য় দৰ্শনীৰ ভাওনা উত্তৰ গুৱাহাটীৰ বিহলঙনী বৰনামঘৰৰ- তুলসী উদ্ধাৰ,শংখচূড় বধ পৰিবেশন কৰে শিল্পী সকলে । ২০ ফেব্ৰুৱাৰী দিনৰ ১১ বজাত সংগীত নাটক অকাডেমীৰ সৌজন্যত অংকীয়া ভাওনাৰ আধাৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় । দ্বিতীয় দিনাৰ ভাওনা উদ্বোধক দক্ষিণ পাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীননী গোপাল গোস্বামী ।