মাজুলী,7 অক্টোবৰঃ কৰ্মই ধৰ্ম , কামত কোনো সৰু বৰ নাই । তাকেই প্ৰমাণ কৰি দেখুৱাইছে মাজুলীৰ বহু শিক্ষিত যুৱকে । মাজুলীৰ বিভিন্ন ঠাইত ১০০ ৰো অধিক শিক্ষত যুৱকে চাকৰি পিছত দৌৰি নুফুৰি একোখনকৈ চেলুন খুলি নিজে স্বাবলম্বী হোৱাৰ লগতে পৰিয়ালতোকো পোহ পাল দি আহিছে । ক’ভিড-১৯ ৰ আগলৈকৈ একোখন চেলুনে ১০০০ টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষ্যম হৈছিল। ক’ভিড-১৯ ৰ বাবে যি লক ডাউন হ'ল, সেই বাবে আন আন ব্যৱসায়ৰ লগতে চেলুন সমুহো বন্ধ কৰিব লগা হ'ল । চৰকাৰে লক ডাউন শিথিল কৰা পিছত চেলুন সমূহ পুনৰ খুলিবলৈ আৰম্ভ কৰিলে যদিও ক’ৰণা ভাইৰাছৰ বাবে আতংকিত হৈ আগৰ দৰে চুলি কাটিবলৈ যোৱা মানুহ নোহোৱা হ'ল ।
কেনেদৰে জীৱন সংগ্ৰাম কৰিছে মাজুলীৰ শিক্ষিত নাপিত সকলে ! - লক ডাউন শিথিল কৰা পিছত
চেলুন খুলি আত্মনিৰ্ভৰশীল মাজুলীৰ বহু শিক্ষিত অসমীয়া যুৱক; কিন্তু ক’ভিড-১৯ ৰ বাবে আজি পানীত হাঁহ নচৰা অৱস্থা চেলুন খুলি জীৰ্বিকা নিৰ্বাহ কৰা যুৱক সকলৰ।

বৰ্তমান সময়ত মাজুলীৰ চেলুন সমূহৰ দৈনিক উপাৰ্জন হ্ৰাস পাবলৈ ধৰিলে যাৰ ফলত পৰিয়াল পোহপাল দিয়াত বহু অসুবিধা আহি পৰিছে। মাজুলীৰ অসমীয়া নাপতি সকলে ২০১০ চনতেই মাজুলী অসমীয়া নাপিত সন্থা বুলি এটা সন্থা গঠন কৰিছিল। এই নাপিত সন্থাই বহুবাৰ চৰকাৰক স্মাৰক পত্ৰকে ধৰি বহু দাবী প্ৰদান কৰিছিল। বৰ্তমানলৈকে কোনো সাহাৰ্য পাবলৈ সক্ষ্যম হোৱা নাই মাজুলীৰ অসমীয়া নাপিত সকলে। নাপিত সকলে আমাৰ নিউজৰ যোগেদি চৰকাৰলৈ আহ্বান তেওঁলোকৰ বাবে চৰকাৰে কিছু ব্যৱস্থা গ্ৰহণ কৰি সকাহ প্ৰদান কৰে ৷
লগতে পঢ়কঃৰিয়া চক্ৰৱৰ্তীৰ জামিন আবেদনত মঞ্জুৰী বম্বে উচ্চ ন্যায়ালয়ৰ