অসম

assam

ETV Bharat / state

অসমীয়া মাধ্যমৰ সমাজ বিজ্ঞানৰ কিতাপ মুদ্ৰণ হ'ল বাংলা ভাষাত - মাজুলীত বাংলা ভাষাত ছপা হ'ল সপ্তম শ্ৰেণীৰ কিতাপ

বাংলা ভাষাত ছপা হ'ল সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি ৷ সমাজ বিজ্ঞানৰ দহ নং পৃষ্ঠা মুদ্ৰণ হ'ল বাংলা ভাষাত ৷

মাজুলীত বাংলা ভাষাত ছপা হ'ল সপ্তম শ্ৰেণীৰ কিতাপ
মাজুলীত বাংলা ভাষাত ছপা হ'ল সপ্তম শ্ৰেণীৰ কিতাপ

By

Published : Jan 12, 2020, 12:00 AM IST

মাজুলী, 11 জানুৱাৰী: অৱশেষত অসমীয়া শিক্ষাৰ্থীলৈ বাংলা ভাষাৰ উপহাৰ প্ৰদান কৰিলে শিক্ষা বিভাগে ৷ দৰাচলতে ২০২০ বৰ্ষৰ নতুন পাঠ্যপুথি হাতত পাই হতভম্ব হৈ পৰিল মাজুলীৰ এইখন ৰোমহৰ্ষন মধ্য ইংৰাজী বিদ্যালয়। শিক্ষাবৰ্ষৰ আৰম্ভণিতে বাংলা আওৰাব লগা হৈছে সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে। বাংলা ভাষাত ছপা হৈছে সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিতাপ। ইয়াকে লৈ এতিয়া বিমোৰত পৰিছে বিদ্যালয়খনৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকল। প্ৰকৃততে কাৰ বাবে মুদ্ৰণ কৰা হৈছে এই কিতাপ। অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীলৈ বাংলা ভাষাৰ উপহাৰ শিক্ষা বিভাগৰ। যি সময়ত ৰাজ্যত বাংলাদেশীৰ বিৰুদ্ধে আন্দোলন অব্যাহত আছে , সেই সময়তে অসমীয়া ছাত্ৰ ছাত্ৰীক লৈ শিক্ষা বিভাগৰ ল'ৰা ধেমালিক মুকলিকৈ ধিক্কাৰ দিছে বহুজনে।

মাজুলীত বাংলা ভাষাত ছপা হ'ল সপ্তম শ্ৰেণীৰ কিতাপ

ABOUT THE AUTHOR

...view details