অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি মাজুলীত "অটল অমৃত আঁচনি"ৰ নগ্নস্বৰূপ - majuli-atal-amrit-Scheme latest update etv bharat assam

মাজুলীৰ জিলা স্বাস্থ্যখণ্ড অটল অমৃত অভিযানৰ সামগ্ৰিক ছবিয়ে উদঙাইছে স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ ৷ বৰ্তমানলৈকে জিলা খনৰ ১ লাখ ৪১ হাজাৰ ৩৩৭ গৰাকী হিতাধীকাৰীয়ে আবেদন কৰাৰ বিপৰীতে ১ লাখ ১৪ হাজাৰ ৬০৯ জনে ৩১ ডিচেম্বৰৰ ২০১৯ লৈকে আঁচনি দ্বাৰা কাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে । তাৰোপৰি ৷ ১ লাখৰ অধিক লোকে আঁচনিৰ দ্বাৰা কাৰ্ড লাভ কৰিছিল যদিও বৰ্তমানলৈকে ৪৪ গৰাকী ৰোগীয়ে অসমৰ বিভিন্ন চিকিৎসালয়ত আঁচনিখনৰ জৰিয়তে সুবিধা লাভ কৰিবলৈ সক্ষম হয় ।

মাজুলী
মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি মাজুলীত "অটল অমৃত আঁচনি"ৰ নগ্নস্বৰূপ

By

Published : Feb 12, 2020, 9:04 PM IST

মাজুলী, 12 ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টিৰ মাজুলীত ধোৱাচাংত "অটল অমৃত আঁচনি" ৷ মাজুলীৰ জিলা স্বাস্থ্যখণ্ড অটল অমৃত অভিযানৰ সামগ্ৰিক ছবিয়ে উদঙাইছে স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ৷ বৰ্তমানলৈকে জিলা খনৰ ১ লাখ ৪১ হাজাৰ ৩৩৭ গৰাকী হিতাধীকাৰীয়ে আবেদন কৰাৰ বিপৰীতে ১ লাখ ১৪ হাজাৰ ৬০৯ জনে ৩১ ডিচেম্বৰৰ ২০১৯ লৈকে আঁচনি দ্বাৰা কাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে, বৃহৎ সংখ্যক কাৰ্ড লাভ কৰা হিতাধীকাৰীতকৈ আঁচনিৰ দ্বাৰা লাভাম্ভিত হোৱা হিতাধীকাৰীৰ সংখ্যা তেনেই নগণ্য ৷ ১ লাখৰ অধিক লোকে আঁচনিৰ দ্বাৰা কাৰ্ড লাভ কৰিছিল যদিও বৰ্তমানলৈকে ৪৪ গৰাকী ৰোগীয়ে অসমৰ বিভিন্ন চিকিৎসালয়ত আঁচনিখনৰ জৰিয়তে সুবিধা লাভ কৰিবলৈ সক্ষম হয় ।

মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি মাজুলীত "অটল অমৃত আঁচনি"ৰ নগ্নস্বৰূপ

মাজুলী জিলা স্বাস্থ্য বিভাগে জনোৱা তথ্য অনুসৰি, অটল অমৃত অভিযানৰ বিপিএল হিতাধীকাৰী হৈছে ৭৬ হাজাৰ ৪৬ জন । এই সকলে ভিতৰৰ পৰা মাত্ৰ ৪৪ জনে অটল অমৃত কাৰ্ডৰ সুবিধা লাভ কৰিছে । চিকিৎসক গৰাকীয়ে জনোৱা মতে মাজুলীত বৰ্তমানে মাজুলীত অটল অমৃত কাৰ্ডৰ দ্বাৰা হোৱা কোনো চিকিৎসাৰ কৰিব পৰা নাযায় । কিয়নো আঁচনিৰ আওতাত ধৰা বৃক্ক, হৃদৰোগ, জুইয়ে পুৰা, কৰ্কত ৰোগ, স্নায়ুৰোগ, এটাৰো চিকিৎসা কৰিব পৰা কোনো ধৰণৰ ব্যৱস্থা নাই মাজুলী স্বাস্থ্য খণ্ডত । মাজুলীত নাই কোনো উন্নত চিকিৎসালয় । ফলস্বৰূপে মাজুলীবাসীয়ে আঁচনিখনৰ জড়িয়তে কাৰ্ড লাভ কৰিছে যদিও অটল অমৃত অভিযানৰ সুবিধা লাভ কৰিব পৰা নাই৷

মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি মাজুলীত "অটল অমৃত আঁচনি"ৰ নগ্নস্বৰূপ

উল্লেখ্য যে, মুখ্যমন্ত্ৰী গৃহ সমষ্টিৰ মাজুলী একমাত্ৰ গড়মূৰ মহকুমা অসামৰিক চিকিৎসালয়খনত অটল অমৃতৰ কাৰ্ডৰ সুবিধা লাভ কৰিব পৰাকৈ বৰ্তমাননো নাই কোনো ধৰণৰ ব্যৱস্থা৷ চিকিৎসায় জিলা পৰ্যায়ৰ চিকিৎসালয়লৈ উন্নতিকৰণ কৰা হয় যদিও বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ সা-সুবিধা লাভ কৰা নাই চিকিৎসালয়খনে৷ যাৰ বাবে যোৰা তাপলি মাৰি চলিছে স্বাস্থ্য সেৱা ।

লগতে চাওকঃ "ইতিহাস নজনা জধামূৰ্খ বিধায়ক"-আটাছু

ABOUT THE AUTHOR

...view details