অসম

assam

ETV Bharat / state

মাজুলীৰ 500 বছৰীয়া ঐতিহ্যত কালিকা সনা নাপিতৰূপী শিক্ষকৰ নিৰ্যাতন

সাংস্কৃতিক নগৰী মাজুলীৰ বৈষ্ণৱ সকলৰ নিজস্ব 500 বছৰীয়া পৰম্পৰা ৰীতি-নীতি জীৱন-যাপনৰ পদ্ধতি বৰ্তমানেও চলি আছে ৷  সত্ৰৰ বৈষ্ণৱসকলে ধূতি পৰিধান কৰাৰ লগতে চুলি ৰখাটো উদাসীন বৈষ্ণৱৰ পৰম্পৰা । যাৰ লগত জড়িত হৈ আছে 500 বছৰীয়া আধ্যাত্মিক ভাবাদৰ্শ ৷ কিন্তু শনিবাৰে 500 বছৰীয়া ঐতিহ্যত কালিমা সানিলে এজন নাপিতৰূপী শিক্ষকে

By

Published : Apr 27, 2019, 7:19 PM IST

নাপিতৰূপী শিক্ষকৰ নিৰ্যাতন

মাজুলী, 27 এপ্ৰিলঃ মাজুলীৰ 500 বছৰীয়া ঐতিহ্যত কালিমা সানিলে এজন নাপিতৰূপী শিক্ষকে ৷ মাজুলীৰ ঐতিহাসিক ৰাজসত্ৰৰ কণ কণ বৈষ্ণৱৰ খপলা খপলকৈ চুলি কাটি নিৰ্যাতন চলোৱাৰ অভিযোগ শিক্ষকক গৰাকীৰ বিৰুদ্ধে ৷ উল্লেখ্য যে, সাংস্কৃতিক নগৰী মাজুলীৰ বৈষ্ণৱ সকলৰ নিজস্ব 500 বছৰীয়া পৰম্পৰা ৰীতি-নীতি জীৱন-যাপনৰ পদ্ধতি বৰ্তমানেও চলি আছে ৷ সত্ৰৰ বৈষ্ণৱসকলে ধূতি পৰিধান কৰাৰ লগতে চুলি ৰখাটো উদাসীন বৈষ্ণৱৰ পৰম্পৰা । যাৰ লগত জড়িত হৈ আছে 500 বছৰীয়া আধ্যাত্মিক ভাবাদৰ্শ ৷ কিন্তু শনিবাৰে 500 বছৰীয়া ঐতিহ্যত কালিমা সানিলে এজন নাপিতৰূপী শিক্ষকে ৷ মাজুলীৰ আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ত এজন ছাত্ৰই বেলেগ ধৰণে চুলি কাটি বিদ্যালয়লৈ অহাৰ বাবেই বিদ্যালখনৰ আন 50 গৰাকীক ছাত্ৰক প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াই জধে-মধে চুলি কাটি ছাত্ৰসকলৰ ওপৰত নিৰ্যাতন চলায় ৷ নিৰ্যাতনৰ পাচতে বৈষ্ণৱ ছাত্ৰসকলৰ অভিভাৱকক সকল ঐতিহ্যত আঘাত হনা কাৰ্যত জাঙুৰ খাই উঠে ৷ লগতে শীঘ্ৰে প্ৰধান শিক্ষক গৰাকীক বিদ্যালয়ৰ পৰা আঁতৰাই পঠোৱাৰ দাবী উত্থাপন কৰে ৷ 500 বছৰীয়া ঐতিহ্য পৰম্পৰাৰ আবেগত আঘাত সনা নাপিতৰূপী শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াক বিহিত ব্যৱস্থা লোৱাৰো দাবী উত্থাপন কৰে অভিভাৱকসকলে ৷

নাপিতৰূপী শিক্ষকৰ নিৰ্যাতন

আৰু পঢ়ক: ভয়ংকৰ ! আভ্যন্তৰীণ কন্দলত জৰ্জৰিত আলফা স্বাধীন

আনহাতে, ঘটনা সন্দৰ্ভত তীব্ৰ গৰিহণা মাজুলী ছাত্ৰ সন্থাৰ ৷ 24 ঘণ্টাৰ ভিতৰত অভিযুক্ত শিক্ষকজনক গ্ৰেপ্তাৰ কৰি মাজুলীৰ ঐতিহ্য বজাই ৰাখিবলৈ আহ্বান জনাই জিলা প্ৰশাসনক ৷

ABOUT THE AUTHOR

...view details