অসম

assam

ETV Bharat / state

মাজুলীত আছুৰ বাইক ৰেলী - মাজুলীত আছুৰ বাইক ৰেলী

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মাজুলীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে জিলা ছাত্ৰ সন্থাই । জিলাখনৰ গড়মূৰৰ পৰা কমলাবাৰীলৈ প্ৰতিবাদী বাইক ৰেলী উলিয়াই ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে ।

'কা' বাতিলৰ দাবীৰে মাজুলীত আছুৰ বাইক ৰেলী
'কা' বাতিলৰ দাবীৰে মাজুলীত আছুৰ বাইক ৰেলী

By

Published : Mar 20, 2021, 5:22 PM IST

মাজুলী,২০ মাৰ্চ: সমগ্ৰ ৰাজ্যতে বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি অব্যাহত থকাৰ সময়তে পুনৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম ছাত্ৰ সন্থাই । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শনিবাৰে মাজুলীতো প্ৰতিবাদী বাইক ৰেলী উলিয়াই জিলা ছাত্ৰ সন্থাই ।

গড়মূৰৰ পৰা কমলাবাৰীলৈ শতাধিক বাইকেৰে উলিওৱা ৰেলীত অংশ লয় মাজুলী জিলা ছাত্ৰ সন্থাৰ ডেৰ শতাধিক কৰ্মকৰ্তাই । নাগৰিকত্ব সংশোধনী আইন-২০১৯ বাতিলৰ দাবী জনায় সংগঠনটোৱে । কোনো কাৰণতে এই 'কা' মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিয়ে আছু কৰ্মীসকলে ।

লগতে পঢ়ক: কলিয়াবৰত হাতীৰ আক্ৰমণত নিহত এজন

ABOUT THE AUTHOR

...view details