অসম

assam

ETV Bharat / state

প্ৰতিষ্ঠাৰ পূৰ্বেই বিতৰ্কত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় - মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়

"বিশ্ববিদ্যালখনৰ উপাচাৰ্য্য ৰূপে নিযুক্তি লাভ কৰা ডম্বৰুধৰ নাথে ছাত্ৰীক নিৰ্যাতনৰ অভিযোগত সংবাদ মাধ্যমৰ শিৰোনাম দখল ৷ যাক লৈ মাজুলীত প্ৰতিষ্ঠা হ'ব লগা সাংস্কৃতিকবিশ্ব বিদ্যালয়ত অচলাৱস্থা সৃষ্টি হোৱাৰ শংকাত ভুগিছে মাজুলীবাসী"

প্ৰতিষ্ঠাৰ পূৰ্বেই বিতৰ্কত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়

By

Published : Jun 7, 2019, 11:01 PM IST

মাজুলী, 7 জুনঃ প্ৰতিস্থাৰ পূৰ্বেই বিতৰ্কত সোমাই পৰিছে মাজুলীত প্ৰতিষ্ঠা হ'বলগীয়া উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাংস্কৃতিক বিশ্ববিদ্যালয় ৷ কাৰণ বিশ্ববিদ্যালখনৰ উপাচাৰ্য্য ৰূপে নিযুক্তি লাভ কৰা ডম্বৰুধৰ নাথে ছাত্ৰীক নিৰ্যাতনৰ অভিযোগত সংবাদ মাধ্যমৰ শিৰোনাম দখল ৷ যাক লৈ মাজুলীত প্ৰতিষ্ঠা হ'ব লগা সাংস্কৃতিক বিশ্ব বিদ্যালয় অচলাৱস্থা সৃষ্টি হোৱাৰ শংকাত ভুগিছে মাজুলীবাসী ।

প্ৰতিষ্ঠাৰ পূৰ্বেই বিতৰ্কত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়
আনহাতে, শুকুৰবাৰে মাজুলী মহকুমা আৰু যোৰহাট জিলা ছাত্ৰ সন্থাই এই বিষয়ত এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলত আছু, কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, মাজুলী জিলা সাহিত্য সভা, মহিলা সমিতি, মাজুলী জ্যেষ্ঠ নাগৰিক সন্থাকে ধৰি চৈধ্যটা সংগঠনে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায় । অসম চৰকাৰক সাংস্কৃতিক বিশ্ববিদ্যালয়খনৰ কাম ক্ষিপ্ৰভাৱে আগবঢ়াই নিবলৈ আহ্বান জনাই সংগঠনকেইটাই । ইফালে কণ্ঠশিল্পী জুবিন গাৰ্গে মাজুলীৰ দৰে স্থানত সাংস্কৃতিক বিশ্ববিদ্যালয়ত বিতৰ্কিত ব্যক্তিক উপাচাৰ্য্য ৰূপে নিযুক্তি নিদিবলৈ আহ্বান জনাই ৷

ABOUT THE AUTHOR

...view details