মাজুলী, 3 জুলাইঃ মাজুলীত অব্যাহত ভয়াবহ গৰাখহনীয়া ৷ খহনীয়াৰ ফলত উটি গ'ল টি কে কোম্পানীৰ ২৩৮ কোটি জিঅ' বেগৰ আঁচনি। লগতে কমলাবাৰী ফেৰী ঘাটত খহনীয়াৰ ফলত নদীত জাহ যায় বাণীকান্ত পায়েং, মুন দত্ত,যোগেশ্বৰ পায়েং নামৰ তিনিজন লোকৰ দোকান ৷ সমান্তৰাল ভাৱে ব্ৰহ্মপুত্ৰ বৰ্ড আৰু টি কে কোম্পানীৰ জিঅ' বেগৰ এপ্ৰন নদীত জাহ যোৱাৰ ফলত খহনীয়া স্থানৰ পৰা ফেৰী সমূহো স্থানান্তৰ কৰিব লগা হয় ।
কমলাবাৰীৰ ফেৰী ঘাটত খহনীয়া - ফেৰী ঘাটত খহনীয়া
মাজুলী কমলাবাৰীৰ ফেৰীঘাটত ব্যাপক খহনীয়া ৷ খহনীয়াৰ ফলত ২৩৮ কোটিৰ জিঅ' বেগৰ আঁচনি উটি যোৱাৰ লগতে জাহ গ'ল তিনি খনকৈ দোকান
কমলাবাৰীৰ ফেৰী ঘাটত খহনীয়া
উল্লেখ্য যে, ব্ৰহ্মপুত্ৰ বৰ্ড আৰু টি কে কোম্পানীৰ হেমাহিৰ ফলত এই খহনীয়া অধিক হোৱা পৰিলক্ষিত হৈছে৷ কাৰন খৰালী নদীৰ তললৈকে জিঅ' বেগৰ এপ্ৰন জাপিব লাগিছিল যদিও খৰালী কাম নকৰি বাৰিষা ওপৰতে জিঅ' বেগ জাপি দিয়াৰ ফলত খহনীয়া হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ বুধবাৰে কমলাবাৰী ঘাটৰ খহনীয়া স্থলীত উপস্থিত হয় মাজুলী জিলা উপায়ুক্ত দেৱ প্ৰসাদ মিশ্ৰ ৷ খহনীয়া প্ৰতিৰোধৰ নিৰ্দেশ দিয়াৰ লগতে জিঅ' বেগৰ এপ্ৰনৰ কামো আৰম্ভ কৰা হয় । কিন্তু ভৰ বাৰিষা জিঅ'বেগ পেলালে বেগসমূহ নদীত উটি যোৱাৰ আশংকা স্থানীয় ৰাইজৰ।