অসম

assam

ETV Bharat / state

মাতৃৰ অবৰ্তমানত দ্বিতীয় গৰাকী মাতৃৰ সন্ধান পালে লুৰীণে

জন্মদাত্ৰী মাতৃৰ বিয়োগৰ এবছৰৰ পিছত মাজুলীত আন এগৰাকী মাতৃ পালে লুৰীণজ্যোতি গগৈয়ে (Lurinjyoti Gogoi in Majuli)। চুনু দাস নামৰ মাতৃগৰাকীক সাক্ষাতৰ পিছতে আবেগৰ চকুলো বৈ আহে লুৰীণজ্যোতি গগৈৰ ৷ পুত্ৰ লুৰহণলৈ বুলি হেঁপাহৰ উপহাৰো দিলে মাতৃ চুনু দাসে ৷

Lurinjyoti Gogoi in Majuli
মাতৃৰ অবৰ্তমানত মাতৃৰ সন্ধান পালে লুৰীণে

By

Published : Mar 6, 2022, 9:54 PM IST

গুৱাহাটী, ৬ মাৰ্চ: মাতৃ ঢুকোৱাৰ এবছৰৰ মূৰত মাজুলীত আন এগৰাকী মাতৃ পালে লুৰীণজ্যোতি গগৈয়ে (Lurinjyoti Gogoi in Majuli)। তেওঁৰ নাম চুনু দাস আৰু ঘৰ মাজুলীৰ দক্ষিণ কমলাবাৰীৰ আলিমুৰত ।

শনিবাৰে লুৰীণজ্যোতি গগৈক নিজৰ পুত্ৰ বুলি কৈ পোষ্টাৰ লগাই থকা এটা ভিডিঅ' ভাইৰেল হৈছিল চুনু দাসৰ । যিটো ভিডিঅ' দেখি দেওবাৰে মহিল‍গৰাকীক মাত লগাবলৈ গৈছিল লুৰীণজ্যোতি গগৈ । নিজৰ পুত্ৰজ্ঞান কৰা লুৰিণজ্যোতি গগৈক চকুৰ সন্মূখত দেখা পাই আৱেগিক হৈ বুকুত সাৱটি লয় মহিলাগৰাকীয়ে । তেওঁ কয় -' তোমাৰ মা নাই, আজিৰে পৰা ময়েই তোমাৰ মা । মোক মা বুলি মাতিবা ।'

মাতৃৰ অবৰ্তমানত মাতৃৰ সন্ধান পালে লুৰীণে

উৰুখা পজাত থকা এগৰাকী সহজ-সৰল মাতৃৰ অকৃত্ৰিম মৰম দেখি আৱেগিক হৈ পৰে লুৰীণজ্যোতি গগৈ । দুয়োধাৰে বৈ আহে চকুলো । লুৰীণজ্যোতি গগৈক উদ্দেশি চুনু দাসে কয়-‘‘ তোমাৰ ভাল হোৱাৰ কামনাৰে মন্দিৰত পূজা আগবঢ়াম বুলি আগ কৰি থৈছো ।’’ অতি সহজ-সৰল স্বভাৱৰ চুনু দাসে মৰমৰ চিনস্বৰূপে এটা কুচিয়া মাছ লুৰিণজ্যোতি গগৈলৈ উপহাৰ হিচাপে আগবঢ়ায় ।

এক আবেগিক পৰিৱেশৰ মাজতে চুনু দাসৰ স্বামীয়ে লুৰীণজ্যোতি গগৈক উদ্দেশি কয়-' আপোনাক মই ইমান ভাল পাওঁ যে কালি আপুনি ভাওনালৈ আহিছিল ৷ মই আপোনাৰ ওচৰলৈ যাব নোৱাৰি আপোনাৰ গাড়ীখনকে চুই চাইছিলো ।' মাজুলীত আজি অকৃত্ৰিম ভালপোৱা আৰু মৰমৰ মাজত লুৰিণজ্যোতি গগৈয়ে পালে আন এগৰাকী মাতৃ (Mother of Lurinjyoti Gogoi)।

লগতে পঢ়ক:বিহু পতাকলৈ আপত্তি কৰাৰ অধিকাৰেই নাই মুখ্যমন্ত্ৰীৰ : ড৹ হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details