অসম

assam

ETV Bharat / state

মাজুলীৰ লুকুমণিক আপোনাৰ সহায়ৰ প্ৰয়োজন

মাজুলীৰ কঢ়াল গাঁৱৰ লুকুমণি শইকীয়া নামৰ এগৰাকী ছাত্ৰীয়ে ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত হৈ বিগত 26 দিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ বিচনাত মৃত্যুৰে যুঁজি আছে ৷ ছাত্ৰী গৰাকীৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিক সহায় কৰিবলৈ পৰিয়ালৰ লোকৰ আহ্বান ৷

মাজুলীৰ লুকুমণিক আপোনাৰ সহায়ৰ প্ৰয়োজন

By

Published : Sep 10, 2019, 10:29 PM IST

মাজুলী, 10 চেপ্তেম্বৰঃ মাজুলীৰ কঢ়াল গাঁৱৰ লুকুমণি শইকীয়া নামৰ এগৰাকী ছাত্ৰীয়ে ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত হৈ বিগত 26 দিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ বিচনাত মৃত্যুৰে যুঁজি আছে ৷ পূৱ মাজুলীৰ কঢ়াল গাঁৱৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী গৰাকীৰ উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বহিঃৰাজ্যলৈ প্ৰেৰণৰ নিদেৰ্শ দিছে যদিও পৰিয়ালৰ লোকে আৰ্থিক দুৰৱস্থাৰ বাবে প্ৰদান কৰিব পৰা নাই উন্নত চিকিৎসা ৷ এতিয়া পৰিয়ালৰ লোকে ছাত্ৰী গৰাকীৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় কৰিবলৈ দল সংগঠন তথা অসমবাসী ৰাইজক আহ্বান জনাইছে ৷ এই ক্ষেত্ৰত United Bank Of India 1320010527866, Lukumani Saikia UTBIOBNAH12 Majuli Bongaon নম্বৰত আৰ্থিক সহায় আগবঢ়াব পাৰিব ৷

মাজুলীৰ লুকুমণিক আপোনাৰ সহায়ৰ প্ৰয়োজন

ABOUT THE AUTHOR

...view details