অসম

assam

ETV Bharat / state

বানৰ কৱলত মাজুলী - শৈল্য স্পাৰ

বুধবাৰৰ পৰা বন্ধ হ’ল মাজুলী নিমাতী সংযোগী সকলো ফেৰী সেৱা । জল পৰিবহণ বিভাগৰ এই ঘোষণা  । লুইতৰ বানত বুৰিছে মাজুলীৰ শালমৰা, যোগীগাঁও কৰতিপাৰ মাজুলীত নৈপৰীয়া ২৮ ৰাজহ গাঁও বানৰ কৱলত, ৯৬৭ হেক্টৰ কৃষিভূমি জলমগ্ন,নিমাতীঘাট মাজুলীৰ মাজৰ সকলো ফেৰীসেৱা বন্ধ কৰা হৈছে।

বানৰ কৱলত মাজুলী

By

Published : Jul 11, 2019, 3:20 AM IST

Updated : Jul 11, 2019, 3:46 AM IST

মাজুলী 11 জুলাইঃ বুধবাৰৰ পৰা বন্ধ হ’ল মাজুলী নিমাতী সংযোগী সকলো ফেৰী সেৱা । জল পৰিবহণ বিভাগৰ এই ঘোষণা । লুইতৰ বানত বুৰিছে মাজুলীৰ শালমৰা, যোগীগাঁও কৰতিপাৰকে মাজুলীত নৈপৰীয়া ২৮ ৰাজহ গাঁও বানৰ কৱলত, ৯৬৭ হেক্টৰ কৃষিভূমি জলমগ্ন,নিমাতীঘাট মাজুলীৰ মাজৰ সকলো ফেৰীসেৱা বন্ধ কৰা হৈছে। মাজুলী জিলাত বৰ্তমানলৈকে বান পৰিস্থিতি বিশেষ উদ্বেগজনক হৈ পৰা নাই যদিও ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী আৰু ৰঙানদী বান্ধৰ পৰা এৰি দিয়া পানীৰে ওফন্দি উঠা সোৱণশিৰিৰ বানৰ কৱলত পৰিছে জিলাখনৰ ভালেকেইটা চাপৰিসহ মথাউৰিৰ বাহিৰৰ ২৮ খন নৈপৰীয়া ৰাজহ গাঁও। এই বানত এতিয়ালৈকে জিলাখনৰ ২৬,৪৫৪গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে। বুধবাৰৰ পুৱা পৰ্যন্ত নদীদ্বীপ জিলাখনৰ চৰ-চাপৰি আৰু নদীকাষৰীয়া অঞ্চলত অৱস্থিত ২৩খন ৰাজহ গাঁও বানত সম্পূৰ্ণ জলমগ্ন হোৱাৰ লগতে আন ৫খন ৰাজহ গাঁও আংশিক ভাৱে প্লাৱিত হৈছে। ইতিমধ্যে বানৰ কৱলত পৰা মথাউৰিৰ বাহিৰ ফালে থকা ৰাজহ গাঁওসমূহ হৈছে- আতৈচুক, মলোৱাল মিৰি, মলাপিন্ধা, মাজৰ চাপৰি (এন চি), নৈপৰীয়া নামকাটনী, নৈপৰীয়া জুগুনিধাৰী, আউনিআটী আলিমূৰ, সুবিধা চাপৰি, শিকলি চাপৰি, বুঢ়া চাপৰি, বৰুণচুক, কাঁচিকটা, কেৰকেৰ, গোপালচুক, ভেকেলী, বক্সি, ৰৌমাৰা, কৰৈগুৰি, কাৰ্তিক চাপৰি। একেদৰে আংশিক ভাৱে জলমগ্ন হৈছে - লাহলিয়াল, বৰুণ চিতাদাৰ, চিলাকলা চাপৰি, কমলাবাৰী সত্ৰ, চিলাকলা কৈৱৰ্ত, পটিয়া, মলুৱাল কৈৱৰ্ত, ভকট চাপৰি আৰু কৰ্দৈগুৰি। আনহাতে এই বানত জিলাখনত এতিয়ালৈকে ৯৬৭ হেক্টৰ কৃষিভূমিও ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি, বাঢ়নি পানীয়ে ইতিমধ্যে বনগাঁও-শালমৰা গড়কাপ্তানি পথৰ লগতে বিৰিণাবাৰী পথ, ওখলচুক পথ, ঔডুবি পথ আৰু কহাৰডুবি পথ আংশিক ভাৱে বুৰাই পেলাইছে। ইফালে, বান পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে জিলা প্ৰশাসনে । বান সাহাৰ্য আৰু জৰুৰী সময়ত উদ্ধাৰ অভিযানৰ বাবে জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (ডিডিএমএ)ৰ তত্বাৱধানত সকলো চৰকাৰী বিভাগক ইতিমধ্যে সষ্টম কৰি তোলা হৈছে। মাজুলীৰ উপায়ুক্ত তথা ডিডিএমএ-ৰ অধ্যক্ষ দেৱপ্ৰসাদ মিশ্ৰই অহৰ্নিশে পৰিস্থিতিৰ ওপৰত নজৰ ৰখাৰ লগতে বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে ভাগে ভাগে দায়িত্ব ন্যস্ত হৈ থকা বিষয়াসকলৰ পৰা খবৰ লৈ আছে। একেদৰে পুৱাৰে পৰাই জলমগ্ন কমলাবাৰীঘাটসহ বানৰ কৱলত পৰা বিভিন্ন অঞ্চল পৰিদৰ্শন বিষয়া সকলে৷

বানৰ কৱলত মাজুলী
মাজুলীৰ ভৌগোলিক স্থায়ী সুৰক্ষাৰ বাবে ২০০৪ চনতে কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে ব্ৰহ্মপুত্ৰ বৰ্ডে নিৰ্মাণ কৰিছিল প্ৰায় ৩৩ কোটিৰো অধিক টকাৰে ৫ টাকৈ শৈল্য স্পাৰ। ২০১২/১৩ বৰ্ষত নিৰ্মাণৰ কাম সম্পূৰ্ণ হয় যদিও স্পাৰৰ মূল বুলহেড বাৰে বাৰে ভাগি যোৱাৰ ফলত প্ৰতি বছৰে পুনৰ মেৰামতিৰ কৰাই নতুনকৈ ধন ৰাশি আৱন্তন দি অহাৰ লগতে বিগত বৰ্ষটো ভাগি যোৱা ৪ নং শৈল্য স্পাৰৰ নামত পুনৰ নিৰ্মাণৰ বাবে ১ কোটি ৪০ লাখ টকা ৰ ধন ৰাশি আৱন্তন দিছিল বিভাগক। বৰ্ডৰ ঠিকাদাৰ যোৱা মাৰ্চ মাহত কাম সম্পূৰ্ণ কৰা ৪ নং শৈল্য স্পাৰটো বুধবাৰে খহনীয়াত সম্পূৰ্ণ ৰূপে ভাগি পৰে ।

উল্লেখ্য যে শৈল্য স্পাৰটো খহনীয়া কথা বাতৰি প্ৰকাশ কৰি অহাৰ পাছতো আজিলৈকে শৈল্য স্পাৰ সুৰক্ষা বাবে ব্ৰহ্মপুত্ৰ বর্ড বিষয়া আৰু ঠিকাদাৰ উপস্থিত নহল । এনেদৰে মুখ্যমন্ত্ৰী সমষ্টিটোত কোটি কোটি টকা লুণ্ঠন চলাইছে ব্ৰহ্মপুত্ৰবর্ড বিষয়া আৰু ঠিকাদাৰে । যদি এতিয়াই কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া ডেৰ লক্ষ্য জনসাধাৰণ জীৱন সম্পত্তি নিৰাপত্তা নোহোৱা হ’ব ।

Last Updated : Jul 11, 2019, 3:46 AM IST

ABOUT THE AUTHOR

...view details