অসম

assam

ETV Bharat / state

ফেৰীত উঠিবলৈ লওতেই নদীত পৰিল সামগ্ৰীভৰ্তি বাহন - উত্তৰ লখিমপুৰৰ\ খাবলু ঘাট

লখিমপুৰৰ খাবলু ঘাটত ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল সামগ্ৰী ভৰ্তি DI ভানৰ চালক আৰু এখন নাৱৰ যাত্ৰীৰ ৷ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল কেমেৰাত ৷

live boat accident at majuli feri ghat
ফেৰীত উঠিবলৈ লওঁতেই চিৰি ভাঙি নদীত পৰিলে মাল ভৰ্তি DI ভান

By

Published : Dec 13, 2020, 8:38 PM IST

মাজুলী, 13 ডিচেম্বৰ:ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল সামগ্ৰী ভৰ্তি DI ভানৰ চালক আৰু এখন নাৱৰ যাত্ৰীৰ ৷ উত্তৰ লখিমপুৰৰ খাবলু ঘাটত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল কেমেৰাত ৷ এখন সামগ্ৰী ভৰ্তি DI ভানে ফেৰীত উঠিব লওতেই সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনাটো ৷

ফেৰীত উঠিবলৈ লওঁতেই চিৰি ভাঙি নদীত পৰিলে মাল ভৰ্তি DI ভান

মাজুলী অভিমুখে গৈ থকা ইটা আৰু চিমেন্ট ভৰ্তি ভানখনে ফেৰীত উঠিবলৈ লওতেই চিৰি ভাঙি পৰে ৷ লগে লগে নাও খনত থকা দুজন লোকে জপিয়াই আহি নাও খন বান্ধি ৰাখে ৷ দুুৰ্ঘটনাৰ ফলত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ৷ বৰ্তমানলৈ DI ভানখনৰ নম্বৰ জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক:বনভোজৰ বাবে বন্ধ হ'ল গোৱালপাৰাৰ শ্ৰী শ্ৰী সূৰ্য পাহাৰ মহাপীঠস্থান

ABOUT THE AUTHOR

...view details