অসম

assam

ETV Bharat / state

মাজুলীৰ তিনিগৰাকী মহিলাৰ জীৱন সংগ্ৰাম

মাজুলীৰ তিনিগৰাকী মহিলাৰ জীৱন সংগ্ৰাম । বীণা কলিতা, আইজনী কলিতা, অৰুণা কলিতাৰ কৰুণ জীৱনগাঁথা ৷ বান-খহনীয়াত সৰ্বহাৰা এই তিনিগৰাকী মহিলা ৷

life-struggle-of-three-women-in-majuli etv bharat assam news
মাজুলীৰ তিনিগৰাকী মহিলাৰ জীৱন সংগ্ৰাম

By

Published : Jul 19, 2021, 8:12 PM IST

মাজুলী, 19 জুলাই : নদীদ্বীপ জিলা মাজুলীৰ মাজগাঁওত বসবাস কৰা তিনিগৰাকী অবিবাহিত দৰিদ্ৰ মহিলাৰ কৰুণ গাঁথা ৷ বিশেষভাৱে সক্ষম অৰুণা কলিতা, দীৰ্ঘদিনে অসুস্থ হৈ আছে 70 বছৰীয়া আইজনী কলিতা ৷ বীণা কলিতাই বনৰীয়া কচু, ঢেকীয়া বিক্ৰী কৰি উপাৰ্জন কৰা দুপইচাৰে ভোক নিবাৰণ কৰি জীৱন যুঁজ অব্যাহত ৰাখিছে এই তিনিওগৰাকী মহিলাই ৷

এখন জৰাজীৰ্ণ ঘৰতে বাস কৰিছে এওঁলোকে ৷ ঘৰৰ বেৰবোৰ ভাগি উৱলি গৈছে ৷ কেনেবাকৈ ৰ’দ-বৰষুণৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱস্থা কৰি থৈছে ৷ বৰষুণ-ধুমুহা আহিলে বিচনাৰ তলত সোমাই বিনিদ্ৰ ৰজনী কটাই মৰণক শৰণ দি পাৰ কৰে নিশা ৷

মাজুলীৰ তিনিগৰাকী মহিলাৰ জীৱন সংগ্ৰাম

বান-খহনীয়াত সৰ্বহাৰা তিনিগৰাকী মহিলাই 7 বাৰ ভেটি সলাই ভৰ যৌৱন পাৰ কৰিলে । বিবাহৰ বাবে যোগ্য আছিল যদিও দৰিদ্ৰতাৰ মহা সংগ্ৰামখনে জীৱনৰ ৰং, বিবাহ সকলো কাঢ়ি নিলে ৷ এতিয়া কেৱল জীয়াই থকাৰ সংগ্ৰাম অব্যাহত ৰাখিছে তিনিওগৰাকী মহিলাই ।

মহিলা তিনিগৰাকীৰ দুগৰাকী এতিয়া অসুস্থ ৷ খবৰ ল’বলৈ আহৰি নাই পঞ্চায়ত প্ৰতিনিধিৰ ৷ উল্লেখ্য যে, মহিলাৰ নামত শ শ আঁচনি উলিয়াই কেৱল ৰাজনীতি কৰা চৰকাৰৰ অভিলাষী আঁচনিয়ে অবিবাহিত মহিলা কেইগৰাকীক স্পৰ্শ কৰিব পৰা নাই ৷ বাঁহ এডাল কিনি ঘৰখনৰ খুঁটা এটা পুতিবলৈও সামৰ্থ নাই এই মহিলা কেইগৰাকীৰ ।

মাজুলীৰ তিনিগৰাকী মহিলাৰ জীৱন সংগ্ৰাম

জীৱনৰ বিয়লি বেলাত আলাই-আথানি হৈ পৰিছে তিনিওগৰাকী মহিলা । এই সংগ্ৰাম মৃত্যু পৰ্যন্ত চলিব, কাৰণ পঞ্চায়ত প্ৰতিনিধিসকলে এইসকলৰ দৰিদ্ৰতা দেখা নাপায় । তথাপিও মহিলা তিনিগৰাকীক সহায়ৰ হাত আগবঢ়াবলৈ নতুন চৰকাৰখনলৈ কাতৰ অনুৰোধ জনাইছে স্থানীয় লোকসকলে ৷

লগতে পঢ়ক:পুনৰ এসপ্তাহলৈ জাৰি নতুন SOP

ABOUT THE AUTHOR

...view details