অসম

assam

ETV Bharat / state

জটিল ৰোগত আক্ৰান্ত কৃষ্ণাপ্ৰিয়াক প্ৰয়োজন কিঞ্চিৎ সহায়ৰ

বিগত চাৰি বছৰে চিকিৎসালয়ৰ বিচনাত দিন পাৰ কৰা মাজুলীৰ মেখেলী গাঁৱৰ যুৱতী কৃষ্ণাপ্ৰিয়া শইকীয়াক প্ৰয়োজন আপোনাৰ সহায়ৰ ৷ 2016 চনৰ পৰা দুৰাৰোগ‍্য ৰোগত আক্ৰান্ত হৈ সম্প্ৰতি গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ হাস্পতালত চিকিৎসাধীন হৈ আছে যুৱতী গৰাকী ৷

জটিল ৰোগত আক্ৰান্ত কৃষ্ণাপ্ৰিয়াক প্ৰয়োজন কিঞ্চিৎ সহায়ৰ
জটিল ৰোগত আক্ৰান্ত কৃষ্ণাপ্ৰিয়াক প্ৰয়োজন কিঞ্চিৎ সহায়ৰ

By

Published : Jan 24, 2021, 10:19 AM IST

মাজুলী, 24 জানুৱাৰী : দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ২০১৬ চনৰ পৰা চিকিৎসালয়ৰ বিচনাত ছটফটাই থকা এগৰাকী যুৱতীক প্ৰয়োজন আপোনাৰ সহায়ৰ ৷ মাজুলীৰ মেখেলী গাঁৱৰ যুৱতী কৃষ্ণাপ্ৰিয়া শইকীয়াই দুৰাৰোগ‍্য ৰোগত আক্ৰান্ত হৈ বিগত চাৰি বছৰে চিকিৎসালয়ৰ বিচনাত দিন পাৰ কৰিছে ৷ সম্প্ৰতি গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ হাস্পতালত চিকিৎসাধীন হৈ আছে যুৱতী গৰাকী ৷

জটিল ৰোগত আক্ৰান্ত কৃষ্ণাপ্ৰিয়াক প্ৰয়োজন কিঞ্চিৎ সহায়ৰ

অতি দৰিদ্ৰ পৰিয়ালৰ যুৱতী গৰাকীৰ চিকিৎসাৰ নামত সকলো হেৰুৱাই পেলাইছে পৰিয়ালটোৱে ৷ টকাৰ অভাৱত আনৰ সহায়লৈ বাট চাই ৰৈছে পৰিয়ালটোৱে ৷ অসমৰ মুখ্যমন্ত্ৰী তথা মাজুলী সমষ্টিৰ বিধায়ক সৰ্বানন্দ সোণোৱালৰ লগতে অসম বাসীৰ ৰাইজক কাতৰ আহ্বান পৰিয়ালটোৰ ৷ অকণমান সহায়ৰ হাত আগবঢ়াই যুৱতী গৰাকীৰ মুখলৈ যেন হাঁহি ঘূৰাই আনে । কোনো হৃদয়বান লোকে সহায়ৰ হাত আগবঢ়াব বিচাৰিলে ৮৮২২৮৮৪৯৪১ নম্বৰত যোগাযোগ কৰাৰ লগতে ইউনাইটেড বেংক অৱ ইণ্ডিয়াৰ 1320010102814, IFSC- UTBIOBNAH12 নম্বৰৰ একাউন্টত সহায়ৰ হাত আগবঢ়াব পাৰে।

লগতে পঢ়ক:বিগত 10 মাহে শয্যাশায়ী এজন দুৰ্ভগীয়া ব্যক্তিৰ কাহিনী

ABOUT THE AUTHOR

...view details