অসম

assam

খুঁটা পোতোতেই মেলিছে ফাঁট; সুকলমে নিৰ্মাণ হ’বনে যোৰহাট-মাজুলী দলং !

By

Published : May 1, 2022, 9:56 PM IST

মাজুলীত আকৌ অঘটন ৷ নিৰ্মাণ সম্পূৰ্ণ নহওঁতেই যোৰহাট মাজুলী সংযোগী দলঙত মেলিছে চিৰাল ফাঁট (Jorhat Majuli Bridge has cracked) ৷ চিন্তিত এতিয়া মাজুলীবাসী ৷

Jorhat Majuli Bridge has cracked
যোৰহাট মাজুলী সংযোগী নিৰ্মাণৰত দলঙত অঘটন

মাজুলী, 1 মে’ :মাজুলীবাসীৰ বহু প্ৰত্যাশিত যোৰহাট-মাজুলী সংযোগী দলং (Jorhat Majuli Bridge) । 925 কোটি টকাৰ ব্যয়ৰে হ’ব লগীয়া মাজুলীবাসী ৰাইজৰ সপোনৰ দলং খনৰ খুঁটাৰ কাম চলি আছে (Construction of Jorhat Majuli Bridge is going on) ‌। মাজুলীৰ দুই লক্ষ জনতাৰ এটাই কথা যে, মাজুলীবাসীৰ এই সপোনৰ দলং খন সঠিকভাৱে আৰু সঠিক সময়ত সম্পূৰ্ণ হওক ।

যোৰহাট মাজুলী সংযোগী নিৰ্মাণৰত দলঙত অঘটন

এই খুঁটাৰ কাম চলি থকা সময়তে এটা ভয়াৱহ খবৰে চিন্তিত কৰি তুলিছে মাজুলীৰ প্ৰতিজন লোকক ৷ কিয়নো নিৰ্মাণৰত অৱস্থাত থকা দলঙৰ খুঁটাত মেলিছে এতিয়া বৃহৎ ফাঁট । এই খবৰ পোৱাৰ লগে লগে মাজুলীৰ নৱ নিৰ্বাচিত বিধায়ক ভুবন গাম সেই স্থানত উপস্থিত হৈ এই ঘটনাৰ বুজ লয় ।

তেওঁ কয় যে, এই দলঙক লৈ মাজুলীৰ প্ৰতিজন লোকৰ এটা সপোন আছে ৷ গতিকে এই দলং নিৰ্মাণত কোনো বুজাবুজি নহয় । বিধায়ক গৰাকীয়ে মাজুলীৰ প্ৰতিজন লোকক এই দলং খন কেনেদৰে নিৰ্মাণ হৈছে বা ইয়াৰ কাম কাজ কেনেদৰে চলিছে তাক চকু দিবৰ বাবে অনুৰোধ জনাইছে ।

লগতে পঢ়ক :যোৰহাট-মাজুলী সংযোগী দলঙৰ বাবে হাৰাশাস্তি ভুগিছে দক্ষিণপাট কলিতা গাঁওবাসীয়ে

ইফালে মাজুলীবাসীৰ বাবে বহু প্ৰত্যাশিত এই দলঙত অতি নিম্ন মানদণ্ডৰ সামগ্ৰীৰ ব্যৱহাৰ হোৱাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (Jorhat Majuli bridge construction)৷ লগতে তেওঁলোকে কয় যে, নিৰ্মাণৰত অৱস্থাতে যেতিয়া খুঁটাত বিসংগতিয়ে দেখা দিছে ৷ ইয়াৰ ওপৰত চৰকাৰে এক তদন্ত কৰিব লাগে ।

আনকি এই দলং নিৰ্মাণৰ বাবে দায়িত্ব থকা কোম্পানীটোৱে আন ৰাজ্যত নিৰ্মাণ কৰা দলং ভাগি পৰাৰো খবৰ পোৱা গৈছে ৷ এনে বাতৰি লাভৰ পাচতেই এতিয়া কিছু সংকিত হৈ পৰিছে মাজুলীবাসী লগতে বহু দল-সংগঠন ৷ সেয়ে মাজুলী যোৰহাট সংযোগী এই বৃহৎ দলং কেনেদৰে নিৰ্মাণ কৰিব তাত সন্দেহ প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতিয়ে ।

লগতে পঢ়ক :Jorhat-Majuli Bridge: পূৰ্ণগতিত চলিছে মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণকাৰ্য

ABOUT THE AUTHOR

...view details